প্ৰতিনেত্ৰ অশ্ৰু সিক্ত

                   ৰচনা কাল : ১৯৮৪

 

প্ৰতি নেত্ৰ অশ্ৰু সিক্ত মৃগই বিনায়
যায় যায় পতি গৃহে শকুন্তলা আই ।


পিতৃদেৱৰ কন্যা বিৰহ
চিত্ত ভাগি পৰে
সখী সৱৰ সুখৰ আকাশ
এন্ধাৰে আৱৰে
তপোবনৰ মনোবনত
আশাৰ কুসুম নাই ।।


লতাৰ জীৱন আম্ৰতৰুৰ সঙ্গ বিনে বৃথা
নাৰীৰ ভাগ্য স্বামীৰ সঙ্গে চিৰদিনৰ প্ৰথা ।


গৈ থাকা আই, তোমাৰ পথত
পিছলৈ নেচাই ।
তোমাৰ বাটৰ ধূলি যেন
পদুম পৰাগ হয়
নিৰাপদে যোৱা মোৰ আই
পতি গৃহলৈ
অশ্ৰু মচা, নহʼলে যে
পথ দেখা নেপায় ।।