পেহী অʼ পেহা

কথা :- মুখেন মাৰিতং জগত নীতিৰে ৰাজ্য চলাব নোৱাৰি
ৰাইজ আৰু ৰজাই মিলি কাম কৰিলেহে দেশখন বচাব পাৰি।।
গীত :-- পেহী অʼ পেহা, এইফালে আহা
ৰংমন ওচমান, ওচৰতে বহা
সেৱাৰ গামোচা কান্ধতে লওঁ
এমুঠি চাউলৰ কাহিনীকে কওঁ।
স্বাধীনতা ৰাজনীতি সকলো দেখিবা অন্নমুঠিৰ হে তল।
চাউলৰ অমৃত ৰাইজে নেপালে সৰ্বনীতি হলাহল।
(আজি) ৰেচনত চাউলৰ কত হাহাকাৰ
মুকলি বজাৰতহে পায়।
মুকলি বজাৰত জুই-ছাই দাম, ধনীয়েহে চাৰিবেলা খায়
তুমি ৰোৱা ধান ঘাম পেলাই, পাব লাগে দাম, শ্ৰমৰ জোখাই
তোমাক শোষণ যিজনে কৰে, নৰকতো নেপায় সেইজনে ঠাই।
দুখীয়া খেতিয়কে কৰিব বা কি!
যʼতে ধন তাতে ধান বেচিছিলে।
চোৰাং ৰাক্ষসে বহু লাভ লৈ
কোনোবা মুলুক পোৱাইছিলে।
পেহী অʼ পেহা, আমলখি কেহা
মুখা পিন্ধা চোৰবোৰে কৰে আজি বেহা।
চাউল নাই, ধান নাই, কʼলৈ গʼল পেহা?
ৰাইজৰ দিনে দিনে ভাগি যায় দেহা।
(সেয়ে) তোমাৰ চৰকাৰে ধানৰ ব্যৱসায়
নিজৰ হাতলেʼ আনিছে।
(যাতে) খেতিয়কে ধানৰ উচিত দাম পায়
এই কথা আজি চিন্তিছে।
চৰকাৰে ব্যৱসায় লোৱাৰ অৰ্থ, ৰাইজৰ মুঠিতে ব্যৱসায়।
এই চৰকাৰখন দেখোঁ তুমিয়েই পাতিছিলাঁ
নতুন নীতিৰে গুণ গাই।
চহৰে নগৰে গাঁৱে তোমাৰেই সমবায়ে
সেই ধান বিতৰণ কৰিব
সুলভ মূল্যত সকলোৱে যাতে দুবেলা দুমুঠি পাৰে খাব।
পুৰণি নীতি নিষ্ঠুৰ নীতি
কৃষকৰ মনঃপুত নাছিল সেয়া
দুখীয়াই ভোকতে, কেঁচা ধান বেচিলেও
দামৰ নিৰিখ পায় বেয়া।
শতকৰা চাৰে বাৰ, কম টকা দিছিলে
যদি বেচা আঘোণ মাহত।
চাৰে সাত টৰা কম দিছিলে যদি ধান
বেচা তুমি পুহৰ শীতত।
শতকৰা পাঁচ টকা কম দাম দিছিলে
যদি বেচা ধান মাঘৰ মাহত।
আঢ়ৈ টকা কম দাম দিছিলে
যদি বেচা ফাগুন মাহত।
আগৰ এই নীতিবোৰ অসুন্দৰ নীতি
কেঁচা ধানৰ নিদিছিল মূল্য।
(আজি) কেঁচা ধান বেছিলেও দাম পাবা পেহাদেউ
শুকান ধানৰে তুল্য
সংগ্ৰহ নহʼলে ধান বিতৰণ
কোনেনো কৰিব বাৰু পাৰে?
দেশৰ খেতিয়কে ধান নেবেচিলে
সমবায় কেনেকেʼ তৰে!!
ৰাইজৰ আশাৰে সমবায় পাতিছে
সমবায় বচোৱাহে কথা
শুদ্ধ নীতিৰে ৰাইজে চলালেহে
গুচায় ই ৰাইজৰে বেথা।
আগৰ নীতি মতে ধানৰ দাম পাবলেʼ খেতিয়কে বহুদিন ৰয়
আজিৰ নীতি মতে নগদ মূল্য ততালিকে হাতে হাতে লয়।
ভিন্‌ ভিন্‌ অঞ্চলতে প্ৰয়োজন অনুসৰি
সেয়া চাউল মজুত ৰাখিব
তেতিয়াহে সেই অঞ্চলসমূহত
ধানৰ নাটনি দূৰ হʼব।
মন যদি কৰা কথা এটি কওঁ
আৰু এটা বেয়া নীতি চলি আছিল।
সংগ্ৰহ কৰা ধান কলত খুন্দি
চাউলহে বিতৰণ কৰিছিল।
(পিছে) নতুন নীতি মতে, ধান লাগে যʼত
তাত মাথোঁ ধান দিয়া হʼব।
(আৰু) যি যি অঞ্চলত চাউল লাগে
চাউলহে যোগান ধৰিব।
চৰকাৰে যদিও ধানৰ পাইকাৰী,
ব্যৱসায় হাতলৈ নিলে
তথাপি ক্ষুদ্ৰ ধান-বেপাৰীৰ বাবে
কিছু কিছু স্বাধীনতা থʼলে।
তেওঁলোকে বেচা-কিনা কৰিব
সীমা হʼল : আঢ়ৈ কুইণ্টল,
কিছু কিছু অঞ্চলত বেহা কৰি তৰিব
বাধা বা বিঘিনি নৰʼল।
পুৰণি নিয়ম মতে খাদ্য নিগমে
ব্যক্তিক দিছিলে অধিকাৰ,
ধানৰ সংগ্ৰহ ব্যক্তিয়ে কৰিছিলে,
ব্যক্তিৰ মহিমা অপাৰ।
(পিছে) নতুন নীতি মতে, ধানৰ সংগ্ৰহ
মাথোঁ সমবায়েহে কৰিব
তেতিয়াহে ৰাইজৰ শ্ৰমৰ মূল্য
ৰাইজৰ হাততে থাকিব।।
এই নতুন নীতি যদি অসফল হয়
লাই পাব শত পুঁজিপতিয়ে
পুনৰ ৰাইজক থিতাতে গিলিব
সিহঁতৰ শোষণ নীতিয়ে।
ৰাইজৰ সেৱাৰ এই নতুন নীতিক
ধানচোৰে কৰে উপহাস,
ধানচোৰ বাহিনীক ধ্বংস নকৰিলে
ৰাইজে কৰিব উপবাস।
মুখেন মাৰিতং জগত নীতিৰে
ৰাজ্য চলাব নোৱাৰি
ৰাইজ ৰজাই মিলি কাম কৰিলেহে
দেশখন বচাব পাৰি।
বিপ্লৱ চি়ঞৰি কৰিব পাৰি-----
(পিছে) নীৰৱেও বিপ্লৱ হয়!
খেতিয়ক ৰাইজ মোৰ, ভাবি চোৱাঁ কথাটো
গায়ক ভূপেন্দ্ৰই কয়।।