পলাশৰে ৰং

palaashar rang

                         ৰচনা কাল ; ১৯৭৬

 

কথা : ডেকা : পলাশৰে ৰং

গীত : গাভৰু : পলাশৰে ৰং

কোনেনো সানিলে
এই মিঠা সেউজ বননিত
ডেকা : আৰু তোমাৰ কোমল চাৱনিত
কথা : গাভৰু : জীৱনৰে ৰং
ডেকা : জীৱনৰে ৰং পলাশে সানিলে
কোমল কোমল ঘাঁহনিত
গাভৰু : আৰু তোমাৰ বুকুখনিত


ডেকা : যৌৱনৰে এই বলিয়া বানত
তুমিয়ে ময়ে সাঁতোৰোঁ আহা
গাভৰু : মৰমৰে এই এনাজৰীৰে
দুয়ো দুয়োকে বান্ধোঁ আহা
দুয়ো : বান্ধ ভাগি গ’লে হেৰাব সৰগ
ধুমুহা আহিব ধৰণীত ।
 
ডেকা : মনে ভবা কথাটি নেথাকে গুপুত
আৰু কথা থাকিল বহুত
গাভৰু : নোকোৱা কথাষাৰি
নোকোৱাকে থাকিলেও
ধৰা পৰে তোমাৰ চকুত
নীলা আকাশত আজি আউজি লৈ
হালিছে জালিছে পলাশৰে ফুল
ডেকা :  ফুলতো নহয় এয়া মৰমৰে জুই
নেমানে মৰমে কোনো জাতি কূল
দুয়ো : দানৱী বিভেদক মানৱী চেনেহে
কৰিব এদিন পৰাজিত।

পলাশৰে ৰং ............