পক্ষীৰাজ ঘোঁৰা

pakhiiraaj ghoraa

পক্ষীৰাজ ঘোঁৰা
খট খট খট খটকে দৌৰা
মোৰ কপাল ফুটা
পাখী দুখনো কটা
 
উৰি ফুৰিবৰ না‍ই ম‍ন
কাৰণ ধৰাতে জনগন
পক্ষীৰাজ ঘোৰা
খট খটকৈ দৌৰা
 
অনিৰুদ্ধ নহওঁ
ৰোমিঅʼ লক্ষীন্দৰ
নহও মজনু কিম্বা জুলিয়াছ চীজৰ
কুম্ভকৰ্ণৰে দৰে নিদ্ৰা যোৱা
ৰাইজক জগাই তোলো
দানৱৰ সমাজত মানুহ বিচাৰি
বজাৰত থিতাপি লʼলো
ম‍ই মানুহকে ভাল পোৱা
ৰূপৰে কুমাৰ
 
পক্ষীৰাজ ঘোৰা
খট খট খট খটকৈ দৌৰা
 অগতিৰ গতি ম‍ই
দুস্কৃতি নাশো ম‍ই
 
স্বৰ্গ এৰা এক ৰূপ কুমাৰী
আহিছো মৰতলৈ
প্ৰেম বিচাৰি
স্বৰ্গত ইন্দ্ৰই ঠগিলে কিমান
বৰুণেও মিছাতে কান্দিলে ইমান
স্বৰ্গ এৰা এক ৰূপ কুমাৰী
আহিছো বজাৰলৈ
প্ৰেম বিচাৰি।
 
ম‍ই এন্ধাৰৰ ৰজা
ইয়েছ ইয়েছ
এন্ধাৰ লাগে মজা
যা যা ৰজা
খাবি গজা পাবি মজা
ম‍ই জ্যোতিক কৰি দিওঁ নষ্ট
ভাল মন ভাল কাম দেখি পাওঁ কষ্ট
সুন্দৰ কোঁৱৰ আৰু ৰূপৰ কুঁৱৰীৰ
মিলন নহয় মোৰ পছন্দ
দুয়োটাকে কাটি কুটি
কৰিম দিম লণ্ড ভণ্ড
খবৰ খবৰ খবৰ্দাৰ
 
আঃ ক’লা ক’লা বজাৰতো
এন্ধাৰ দিওঁ অনবৰত
এন্ধাৰ যোগান ধৰি যাওঁ
তাৰবাবে কিছু কমিচন পাওঁ
আহ দে যুদ্ধ
খবৰ খবৰদাৰ
হুচিয়াৰ
 
জ্যোতিৰে লগতে
এন্ধাৰে যুঁজিলে
এন্ধাৰে যায় যে ভাগৰি
মানুহ নমনা
এন্ধাৰ নৃপতি
যায় চুচৰি বাগৰি
ৰূপৰ কুমাৰ হʼলো শিৱ জটাধাৰী
 
পক্ষীৰাজ ঘোৰা
খট খট খটকৈ দৌৰা
পক্ষীৰাজ ঘোৰা
খট খট খটকৈ দৌৰা
 
সমাজকে এন্ধাৰে
ঢাকেহি যেতিয়া
তেতিয়া কি হয়
তেতিয়া কি হয়
যুগে যুগে বিজুলীয়ে হাঁহিব যেতিয়া
তেতিয়া ভাল হয়
তেতিয়া ভাল হয়
 
স্বৰ্গ এৰা দুটি মিঠা মন
দুটি মনে একে মনে
সেৱে জনগন
 
দেবলোকত মেনকা ৰম্ভাই ঠগে
উৰ্বশীয়েও ধৰা দিম বুলি কৈ ভাগে
 
ম‍ই পিছে নঠগো সুন্দৰ কুমাৰ
যুগে যুগে লগৰী হʼমেই তোমাৰ
 
হেই অনিৰুদ্ধ নহওঁ
ৰোমিঅʼ লক্ষীন্দৰ
নহওঁ মজনু কিম্বা জুলিয়াছ চীজাৰ