পদ্মাৰ ধুমুহাই

                                 ৰচনা কাল : ১৯৭৬

 

পুৰুষ : পদ্মাৰ ধুমুহাই উৰুৱাই নিছিলে
হেʼ আমাৰ সোণৰ ঘৰে-বাৰী
এʼ উজনি পানীতে সাঁতুৰি পালোঁহি
বৰ লুইতৰ চাপৰি।


আকৌ বান্ধিম ঘৰ আকৌ গামেই গীত
আপোন হাতে অসমৰ গঢ়িম শাঁত পৰিব চিত।


নাৰী : মনৰে বননিত সমনীয়া, চেনেহৰে নিজৰা
পানীকেহে এটুপি পিওঁ
পোৰাকৈ ভেটিতে অʼ চেনাই
তুমিনো ঘৰে বান্ধা
আমি তমাল তুলায়ে দিওঁ।


পুৰুষ : ভাষা নুবুজিও যুগে যুগে আহে
মানুহে মানুহৰ পিনে
মৰমৰ ভাষাৰে আখৰ নাইকিয়া
এʼ বুজিৰ খুজিলেই চিনে।


দুয়ো :পীৰিতি পীৰিতি পীৰিতি

পীৰিতি মিঠা চুৰা দৈ
পীৰিতি পীৰিতি পীৰিতি
পীৰিতি বোৱা বোৱঁতী নৈ
পীৰিতি পীৰিতি পীৰিতি
ওৰে জীৱন থাকিব বৈ।


পুৰুষ : তুমিয়ে ময়ে দেশখন গঢ়োঁতে
যদিহে কেঁচা ঘাম সৰে
দুয়োৰে ঘামৰে মিলনে দেখিবা
বুৰঞ্জী ৰচনা কৰে।


নাৰী : গংগা, পদ্মা, কৃষ্ণা, গোদাৱৰী
ব্ৰহ্মপুত্ৰ, কাবেৰী
সবে মিলি ভাৰত মহাসাগৰলৈ যায়
ৰঙতে বাগৰি বাগৰি


পুৰুষ : গংগা, পদ্মা, কৃষ্ণা, সোৱণশিৰি
ব্ৰহ্মপুত্ৰ, কাবেৰী
সবে মিলি ভাৰত মহাসাগৰলৈ যায়
ৰঙতে বাগৰি বাগৰি।


দুয়ো : পীৰিতি পীৰিতি পীৰিতি
পীৰিতি মিঠা চুৰা দৈ
পীৰিতি পীৰিতি পীৰিতি
পীৰিতি বোৱা বোৱতী নৈ
পীৰিতি পীৰিতি পীৰিতি
পীৰিতি ওৰে জীৱন থাকিব বৈ।