পাৰ ভাঙি দিলে শ্ৰীমন্ত শঙ্কৰে

                       ৰচনা কাল : ১৯৯৮

 

পাৰ ভাঙি দিলে শ্ৰীমন্ত শঙ্কৰে
বহে ব্ৰহ্মাণ্ডক ভেদি
তৃষ্ণাতুৰ মানৱে বিচাৰি ফুৰিছে
শান্তি অমৃতৰ নদী।


শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ
যাউতিযুগীয়া ৰূপতীৰ্থ
শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ
এক অনেকৰ প্ৰীতি-তীৰ্থ
শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ
বৈয়ে যায় মাজেদি ব্ৰহ্মপুত্ৰ।


সাঁচিপাতে ভাষা দিছে
চিফুঙে আশা দিছে
ৰংঘৰে মেলিছে দুৱাৰ
সমাজে সাৱটিছে-- মহান মানৱতা
বিজ্ঞানে আনিছে জোৱাৰ
জিলিকিছে লুইতৰে পাৰ।
স্পৃশ্য-অস্পৃশ্যৰ ভেদাভেদ
নেমানি
সুন্দৰ সেনানী গঢ়ি
দুষ্কৃতি নাশিলে শ্ৰীমন্ত শঙ্কৰে
বান্ধি লৈ একতাৰ জৰী।
গাৰোৰা গোবিন্দ নগাৰ নৰোত্তম
যৱনৰে জয়হৰি
কৈৱৰ্তৰ ৰাধিকা মিচিঙৰ পৰমা
আহোমৰ নৰহৰি
মোৰ গুৰু ঐ,

ব্ৰাহ্মণৰ কন্দলি ৰাম সৰস্বতী
মুচলমানৰ চান্দসাই
ভোটৰে দামোদৰ বণিয়াৰ হৰিদাস
কছাৰিৰ আছিল ৰমাই
মোৰ গুৰু ঐ, কছাৰিৰ আছিল ৰমাই।
সংগ্ৰাম লগ্নে আজি
শঙ্কা-ত্ৰাস ত্যাজি আইস বীৰসব
দুষ্কৃতি নাশিতে
অগ্নিমন্ত্ৰে দীক্ষা লৈয়া আইস আজি যত
পাতকী বধিতে
ন্যায় তন্ত্ৰে শিক্ষা লৈয়া আইস আজি যত
পশুত্ব ৰুধিতে
সাস্তাঙ্গে কৰোহোঁ প্ৰণাম মাতৃৰ চৰণতে
সংগ্ৰাম লগ্নে আজি
সোণৰে অসমী মাতৃ--নাকান্দা নাকান্দা
কেনে কান্দা অভাগীৰ দৰে।
পুত্ৰ আছে, আছে কন্যা
ৰাত্ৰি দিনে চিন্তে সৱে
থাপিব আনন্দ মেলা
আজি এহি ঘৰে
কেনে কান্দা অভাগীৰ দৰে
তোমাৰে ৰূপে গুণে সম নাহি
ত্ৰৈলোক্য ভিতৰে
কেনে কান্দা অভাগীৰ দৰে।
অসমী আই মোৰ
অতি ভয়ঙ্কৰ ৰাক্ষসৰ কাৰণে
ভয়ে নকৰিবা, ভয়ে নকবিৰা
আমাৰো শ্ৰীশঙ্কৰ আছে
অতি নিষ্ঠুৰ কাল সৰ্পৰ কাৰণে
ভয়ে নকৰিবা, ভয়ে নকৰিবা
ভকতিৰো শকতি আছে
আমাৰে দুচকুতে বিজুলী বৰষিছে
বিজুলী বৰষিছে
জ্যোতিৰে শিখাবোৰ নাচে
অতি অন্ধকাৰ অজ্ঞানৰ কাৰণে
ভয়ে নকৰিবা, ভয়ে নকৰিবা
শান্তিৰ বৰকাঁহ বাজে
শান্তিৰ বৰকাঁহ বাজে
আমাৰো শ্ৰীশঙ্কৰ আছে।