Songs that start with,

মই কহিমাৰে

moi kahimaare

                 ৰচনা কাল -- ১৯৬৯

 

গাভৰু : মই কহিমাৰে আধুনিকা ডালিমী।
ডেকা : মই গদাপাণি আধুনিক ভৈয়ামৰ।
দুয়ো : আমি আজি দুয়ো সহযাত্ৰী
গুৱাহাটী অভিমুখী নিশাৰ ৰেলʼৰ।

 ডেকা : তোমাৰ হয়তো ঘনে পৰিছে মনত
ল'ৰালিৰ কথা সেয়া জেখামা গাঁৱৰ,
ৰঙা নীলা পাখি পিন্ধি পখিলাৰ দৰে
নাচি ফুৰা কত মিঠা উৎসৱৰ।
 গাভৰু : পৰদেশ বুলি মোৰ ভয় লগা নাই
তুমিতো মোৰেই হ'লা নিচেই কাষৰ
গুৱাহাটী পাই পিছে যেন কাহানিও
নেপাহৰাঁ স্নেহ মোৰ নগা পাহাৰৰ।

 ডেকা : লামডিং ডিফুৰে বিস্ফোৰণ
মনত আছেনে কিছু বছৰ আগৰ ?
গাভৰু : সেই বহুতৰে কান্দোনৰ পটভূমিত
হয় মধু পৰিচয় আমাৰ মনৰ।
আজি মই হ'লোঁ অসমৰ ন বোৱাৰী।
ডেকা: জোঁৱাই হ'লোঁ মই টুৱেনচাঙৰ।
দুয়ো: আমি দুয়ো পূৰ্ব ভাৰতীৰে
জীয়া প্ৰতীক সমন্বয়ৰ।
 গাভৰু : লক্ষ্মীনাথৰ সেই ডালিমীও নাই
 ডেকা: (আৰু) মইও নহওঁ তাহানিৰ গদাধৰ।
দুয়ো: তথাপিও আজি এই মিলনে আমাৰ
বাৰে বাৰে সোঁৱৰায় কথা অতীতৰ।