দূৰ দিগন্তত ৰিণিকি দেখিছোঁ

duur digantat riniki dekhicho

ৰচনা কাল : ১৯৫৮

দুৰ দিগন্তত দেখিছোঁ ৰিণিকি সোঁৱৰণী বগ উৰা
উৰি উৰি উৰি মাথোঁ মোৰ দিনান্তক উপলুঙা কৰি ফুৰা।

চেনেহ-সাগৰ মথিলোঁ কতনা ৰহণ জিলিকি পৰা।
সেই সাগৰেই ঢালি দিলে আহি মৰণ-বিষৰ ধাৰা।।

জীৱনৰে ভৰ দুপৰীয়াতেই নিশাই ঢাকিছে ধৰা।
দিনৰ সূৰুয ঢাকি থৈ সৰে হেজাৰ পপীয়া তৰা।।

মৌচাকখনি হিয়াত থাপিলোঁ তোমাৰ হাতেৰে গঢ়া।
শুকুৱালা তুমি অৱহেলাতেই মিঠা মধু ৰহঘৰা।।

বালিঘৰটিক কাৰেং বুলি সজালোঁ ভিতৰচ’ৰা।
ভাঙিলো-ছিঙিলো ৰঙৰ ঘৰটি মোৰ শত আশা ভৰা।।

নুমুৱাই দিলোঁ মোৰ বন্তিক জীৱন-শলিতা পোৰা।
কাষতে জিলিকে তোমাৰ হাঁহিটি ভুৱন বলিয়া কৰা।।

বিয়ানাম গায় আকাশখনিয়ে এন্ধাৰে আৱৰা ধৰা।
মৰণ-ৰভাৰ তলিত বহিছোঁ মই মনে পতা দৰা।

নিজৰি নিজৰি কেঁচা তেজ বয় মোৰ কলিজাৰপৰা।
সিয়েই তোমাৰ কপাল শুৱাওক হৈ সেন্দূৰীয়া তৰা।।

কোনো অভিয়োগ নাই আজি মোৰ ঘৃণাৰে উপচি পৰা।
মোৰ অশ্ৰুৱে বুকুত তোমাৰ ঢালক সুখৰ নিজৰা।।

দিছোঁ আজি মই আশিসৱাণী আৰু চেনেহৰ ধাৰা।
সুখী হোৱাঁ তুমি, মই সাবটিম পৰাজয়ৰেই কাৰা।।

তোমাৰ ৰূপৰ ৰামধনু সাজাঁ জিলিকি উঠক ধৰা।
দূৰ দিগন্তত দেখিছোঁ কিণিকি সোঁৱৰণী বগ উৰা।।



(বিঃ দ্ৰঃ—পিছলৈ এই গীতটি
বাণীবদ্ধনৰ সময়ত তলত দিয়া ধৰণে সলনি কৰা হৈছে।)


দূৰ দিগন্তত দেখিছোঁ ৰিণিকি
সোঁৱৰণী বগ উৰে
উৰি উৰি উৰি মাথোঁ মোৰ দিনান্তক
আজি ৰিক্ত কৰে।
মোক ৰিক্ত কৰে, আজি ৰিক্ত কৰে
মোক ৰিক্ত কৰে।।

চেনেহে-সাগৰ মথিলোঁ কতনা
ৰহণ জিলিকি পৰা।
সেই সাগৰে ঢালি দিলে আহি
মৰণ-বিষৰ ধৰা।।

জীৱনৰে আবেলিতে
নিশাই ঢাকি ধৰে।
আজি ৰিক্ত কৰে, মোক ৰিক্ত কৰে
আজি ৰিক্ত কৰে, মোক ৰিক্ত কৰে।।

দিলোঁ নুমুৱাই মোৰ বন্তিক
জীৱন-শলিতা পোৰা
কাষতে জিলিকে হাঁহি তোমাৰ
ভূৱন বলিয়া কৰা।

অভিযোগ নাই মোৰ অভিমানো নাই
ঘৃণাৰে উপচি পৰা
মোৰ অশ্ৰুৱে তোমাৰ বুকুত
ঢালক সুখৰ নিজৰা।

তোমাৰ ৰূপৰ ৰামধনু ৰং
ধৰাত ছিটিকি পৰে।
আজি ৰিক্ত কৰে, মোক ৰিক্ত কৰে
আজি ৰিক্ত কৰে, মোক ৰিক্ত কৰে।।