চুচুক্ চামাক্‌কৈ দীপালীজনীয়ে

ৰচনা কাল : ১৯৬৮

ভায়েক : অʼ ককাইটি
ককায়েক : কি হʼল
কথাঃ-  কি হʼল অʼ
ভায়েক : চুচুক চামাককৈ দীপালীজনীয়ে কিয়
 মোৰ পিনে ৰʼ লাগি চায়?
ককায়েক : ভাইটি তই বুজিকে পোৱাহে নাই
ভাইটি তাই বোধহয় তোকেই ভাল পায়!
ভায়েক : সৌ কৰবীজনীয়ে কিয়, মৰমী চাৱনীৰে
খিৰিকীমুখত থিয় হয়?
ককায়েক : ভাইটি এয়া প্ৰথম প্ৰেমৰ পৰিচয়;
ভাইটি এয়া মৰম বোটলাৰ সময়।
ভায়েক : পিছে দীপালী কৰবীকে
দীপক বৰুৱাৰ সʼতে
মিলা দেখি কিবা ভব হয়
ককায়েক : (অʼ) তেনে ভীষণ কথা হʼল ভাই
(তেনে) মোৰ উপদেশ দিবলৈ নাই।
তহঁতৰ বয়স ৰঙীণ সৰস
দুয়ো : বুজিও নুবুজ একো;
যেনিয়ে চকু যায় তেনিয়ে থমকি ৰয়
নেচাবৰ মন নাই কাকো।
ভায়েক : আৰু লিপিকা দেৱীয়ে কিয়
নীলা নীলা চিঠিৰে
বহু বহু মিঠা কথা কয়!
ককায়েক : ভাইটি তোৰ সমান আৰু অঁকৰা নাই
শুনিছোঁ বহুতলে চিঠি লিখে তাই।
ভায়েক : আৰু সৌজনী ৰঞ্জনা হংস খোজেৰে দেখোঁ
মোৰ পিনে আহে আগুৱাই।
ভাইটি তই সাৱধান হোৱা কিয় নাই?
বহুতে কয়, বহুতকে ভাল পায় তাই।
(কথাঃ সাৱধান কৰি দিছোঁ কিন্তু)
সৌৱা মিচিক্ মিচাককৈ
হাঁহি হাঁহি চম্পাই
মিঠাকৈ কিয় গীত গায়?
ভায়েক : কাইটি তয়ো দেখো বুজি পোৱা নাই
ককায়েক : বুজিছোঁ গাইছে তোকেই শুনাই
ভায়েক : কাইটি তয়ো গীতৰ ভাষা বুজা নাই
বুজিছোঁ গীতৰ বাহিৰে একো নাই।।