চিয়াঙৰে গালং

ciyaangare gaalang

ৰচনা কাল : ১৯৬৯

চিয়াঙৰে গালং
লোহিতৰে খামটি
আৰু টিৰাপৰে ৱানচুৱে
মোক কিয় মাতিছে ?
অসমীৰে পদূলি উদুলি যে মুদুলি
মৰম চেনেহৰে হাট বহিছে ।।


 আপাতানি ভনীটিক ধৰিলোঁ সাবটি
বেচৰূপে নিলে মোক আথে-বেথে মাতি
ক'লে :  আজি কিয় ৰঙৰে চকুলো সৰিছে ?
 অ' পাহাৰৰে তলিতে
ভৈয়ামৰে সীমাতে
চিনাকি চিনাকি  কি সবাহ বহিছে ?


 মনপা ককাইটিক ধৰিলোঁ সাবটি
বিনিময়ত তেওঁ  দিলে বুদ্ধৰে মূৰতি
ক'লে : যুগ যুগৰ মিতিৰালিৰ ধ্বজা উৰিছে ।
অ' বহুদিনে নেদেখা পদম ইদু নক্তেই
'আহ' বুলি হিয়াৰে আপং যাচিছে ।


একতাৰে বেহা কৰি ভাবিলোঁ ওভতোঁ
উভতিয়ে চাই দেখোঁ আহিছে সিহঁতো
ৰিঙিয়াই ক'লে মোক: কিছুবেলি ৰ'বি
উভতি গৈ তই অসমীকে ক'বি --
আজি পাহাৰে ভৈয়ামৰে কলিজা চিনিছে
অ' চেৰদুকপেন আৰু টাংচাই
অঁকা আৰু বৰীয়ে
চেনেহ এনাজৰীৰে বাটি কাঢ়িছে ।
 চিয়াঙৰে গালং
লোহিতৰে খামটি
টিৰাপৰে ৱাংছুৱে
মোক কিয় মাতিছে ?
অসমীৰে পদূলি
উদুলি যে মুদুলি
মৰম চেনেহৰে হাট বহিছে