চৰাই চিকুণ অʼ লীলা

caraai cikun o lilaa

চৰাই চিকুণ অʼ লীলা ৰহিলা
তেলিয়া সাৰেং অʼ লীলা ৰহিলা
মাছৰ চিকুণে মালি লীলা ৰহিলা
আকৌ এদিন আহিলা,
আহিয়ে যে গʼলাগৈ
দিলা তামোল এখনি খালা তামোল এখনি
লগালা লগালা মৰমৰ মাত।

লʼ লʼ লতি তিল লʼ লʼ লতি তিল
লতি তিল, লতি তিল, লʼ লʼ লʼ লʼ লʼ লʼ লʼ লʼ।

ইমান নো ধুনীয়াকৈ কোনে সৰজিলে
সোণ ৰূপৰ বৰণে কৰি
এʼ, আমাক সৰজিলে কণাজন বিধাতাই
গোবৰ মাটি মিহলি কৰি

হেʼ ধিন্দাওঁ কুৰুলি কোবাওঁ বিহু মাৰিবলৈ যাওঁ
হেʼ, ধিন্দাওঁ কুৰুলি কোবাওঁ মথুৰা হাটলৈ যাওঁ
ৰৈয়া পাতিদৈয়া চাৰিঙৰ বেঙেনা, ভাতে ৰান্ধি খাই যাওঁ।

ৰৈয়া ৰৈ নাচিলে, নাচনী নাচিলে ৰৈয়া ৰৈ
আই ঐ দেহি, কলাফুলৰ গোটে দেহি
ৰাইজাই ৰাইজাই কৰে দেহি
তোমাকনো মই কাহানি পাম?

কেঁচা মৰম চেঁচা নৈ
মুখৰ মিঠা এঠা দৈ
মিঠা মিঠা তিলৰ পিঠা দেহাটি মোৰ চেনাই ঐ
অসমীৰে বিহুটি ঐ

বাপতি যে সাহোন ঐ
আমাৰ অতি আপোন ঐ।
হায় ঐ বিহুটিনো আদৰৰ
বিহুটিনো সাদৰৰ
বিহুটিনো অসমৰ ধন।
হায় ঐ এনুৱানো  বিহুটি
এৰিব লাগিলে
নাথাকেনো অসমৰ মান ।।