Songs that start with,

অʼ সিপাৰৰ বান্ধ

o sipaarar baandha

ৰচনা কাল : ১৯৮২

নাৱৰীয়া ১মঃ- অʼ বান্ধ, অʼ সিপাৰৰ বান্ধ, শুনা
              এন্ধাৰ ইটো পাৰ
    কাল ধুমুহাই ঢাকে আকাশ
    কৰাচোন সিপাৰ
    (মোক) কৰাচোন সিপাৰ।
    
নাৱৰীয়া ২য়ঃ- মেঘ বৰষুণ নেউচি মই
    তোমাক কৰিম পাৰ;
    পিছে, সিপাৰ এৰি কিহৰ আশাত,
    মানি লʼলা হাৰ --
    
নাৱৰীয়া ১মঃ- বটা ভাগে কাঠো পচা
    শিমলুৰে নাও
    জীৱনৰে সোঁত নেজানো
    আৰু পানীৰ ভাও
    মোক কৰাচোন সিপাৰ।
    
নাৱৰীয়া ২য়ঃ- ইপাৰে আনিলোঁ বাৰু
    এৰি সিটো পাৰ
    এৰা পাৰ সুঁৱৰি যদি
    কৰা হাঁহাকাৰ।
    
নাৱৰীয়া ১মঃ- নেলাগে নেলাগে মোক মায়া ইপাৰৰ
    বিচাৰিছোঁ মোহময়ী কায়া সিপাৰৰ
    মোক কৰাচোন সিপাৰ।
    
নাৱৰীয়া ২য়ঃ- সিপাৰ পালে ইপাৰ লাগে
অনন্ত পিয়াস
ইপাৰ সিপাৰ অহা-যোৱা
চক্ৰ অভিলাস।।