Songs that start with,

অ' মোৰ ধৰিত্ৰী আই

o mor dharitri aai

ৰচনা কাল : ১৯৮৮

অ’ মোৰ ধৰিত্ৰী আই
চৰণতে দিবা ঠাই,
খেতিয়কৰ নিস্তাৰ নাই
মাটি বিনে অসহায়;
দয়া কৰা দয়াশীলা আই ।
দয়া কৰা দয়াশীলা আই |
 
ৰ’দ বৰষুণ কাতি কৰি,
ঘাম পেলাই চহ কৰি,
তোমাৰ বুকুত সোণ চপাওঁ,
আনে নিয়ে কাঢ়ি,
 
ধৰিত্ৰী আই মোৰ
আমাক তুমি নেৰিবা,
তোমাৰ চেনেহ বিনে আই
আমি নিৰুপায় |
 
মাটিকে সাৱটি ধৰি
মাটিকে সাৰথি কৰি
মাটিৰ বুকুত শোণিত ঢালোঁ
জিৰণি পাহৰি;
জিৰণি পাহৰি |
 
ধৰিত্ৰী আই মোৰ
আমাক তুমি নেৰিবা,
তোমাৰ চেনেহ বিনে আই
আমি নিৰুপায় |
 
মই হ’লো মাউৰা ল’ৰা
মোৰ আই নাই;
কাবৌ কৰোঁ ধৰিত্ৰী মোৰ
তুমি হ’বা আই |
 
মাটি আৰু খেতিয়কৰ
সম্বন্ধ আছে যুগ-যুগৰ
কৃষক মাটিৰ মিলনত
দিয়ে অন্তৰায়,
দিয়ে অন্তৰায় |
 
হে মোৰ ধৰিত্ৰী আই
চৰণতে দিবা ঠাই,
খেতিয়্কৰ নিস্তাৰ নাই
মাটি বিনে অসহায়;
দয়া কৰা দয়াশীলা আই |
দয়া কৰা দয়াশীলা আই ||