Songs that start with,

অলৌগুটি তলৌগুটি

alau guti talau guti

ৰচনা কাল : ১৯৬১

অলৌগুটি তলৌগুটি,
কোন কʼত লটি-ঘটি
কচুপাতত লাই
যি হাতে আঙঠি নাই  
সেই হাতে কেনেকৈ পায় - ঐ ৰাম
সেই হাতে কেনেকৈ পায়?


ৰৌ, কুঢ়ি, চেনিপুঠি
চিতলৰে কলঠি
লগতে শাক লফা লাই
কি কʼত বিচাৰি গৈ
কোনে হাবাথুৰি খায় - ঐ ৰাম
কোনে হাবাথুৰি খায়?


কোন মৎস্যকন্যা এহি -  ঐ ৰাম
আঙঠি হেৰুৱালে - ঐ ৰাম
পানী তুলিবলৈ গৈ -  ঐ ৰাম
পানী তুলিবলৈ গৈ।
চিক্‌মিক্‌ আঙঠি - ঐ ৰাম
দৰিদ্ৰজনৰে - ঐ ৰাম,
গৃহ উজলালে গৈ - ঐ ৰাম
গৃহ উজলালে গৈ।


কোন কʼত আছাঁ
সোণৰে সদাগৰ?
দৰদাম কৰাঁহি চাই
সোণাৰি শালতে বহি  
শিলৰে পাটতে ঘঁহি
সোণৰে আঙঠি কিনা
নেপাবা দুনাই।।