তুমিয়ে মোৰ কল্পনাৰে

Play Now

তুমিয়ে মোৰ কল্পনাৰে হৰিণীনয়না
তুমিয়ে মোৰ জীৱনৰে মধুৰ আল্পনা
তোমাৰ বাবেই মোৰেই সুৰৰ কতনা মূৰ্চ্ছনা
তুমি জানা নে নেজানা ?

জীৱন ৰণাঙ্গনত তুমি সাহসৰে তীৰ্থভূমি
পৰাজয়ৰ নিৰাশাতো তুমিয়ে সান্ত্বনা
তুমি জানা নে নেজানা?

জীৱন-বনৰ গভীৰতাত উৎস তুমি সেউজৰে
সেই সেউজৰ সুন্দৰতাও তোমাৰে হাঁহিৰে
ভাৰতৰে পূৰ্বাকাশৰ, জেউতি তুমি ন সূৰুযৰ
তোমাৰ পোহৰ অবিহনে বৃথা পৰিকল্পনা
তুমি জানা নে নাজানা?