তুলসীৰ তলে তলে

তুলসিৰ তলে তলে
কত চাকি জ্বলালোঁ
থাপনাৰ তলে তলে

শৰাই আগবঢ়ালোঁ
তথাপিতো নেপালোঁ পাৰ
মোৰ গোসাঁই ঐ
তথাপিতো নেপালোঁ পাৰ।
সংসাৰ সাগৰে বুৰি
খালোঁ আমি হাবাথুৰি
মানৱী জনমতো অসাৰ
মোৰ গোসাঁই ঐ
মানৱী জনমতো অসাৰ।।
সৰু সৰু মানুহৰ আমি
ধৰাত জনম লভিলোঁ
সৎ পথে ঘূৰি-ফুৰি
আজীৱন আগুৱালোঁ
বহুত সুখ কৰি পৰিহাৰ
মোৰ গোসাঁই ঐ
তথাপিতো নেপালোঁ পাৰ।।
পতিগৃহ সেৱি সেৱি
কতকাল...........
এন্ধাৰ ঘৰৰ চোতালতে
শলিতা মই জ্বলালোঁ
চকুপানী পালোঁ উপহাৰ
মোৰ গোসাঁই ঐ
কোনোৱেই য়ে নেপালোঁ পাৰ।
মানৱী জনম দিলা
তাকে গ্ৰহণ কৰিলোঁ
নীতি-শাস্ত্ৰ দিলা
নতশিৰে মানিলোঁ
তথাপি সুখ নাই য়ে আমাৰ
মোৰ গোসাঁই ঐ
ইনো কি কৰিলা বিচাৰ?
পাপীৰ কিয় জয় জয়কাৰ?
মোৰ গোসাঁয় ঐ
ইনো কি কৰিলা বিচাৰ?