টিৰাপ সীমান্ত

টিৰাপ সীমান্ত
ৰূপৰ নাই অন্ত
নক্তে ৱাঞ্চু
টাংচা য়ুগলিৰ
দেখিলোঁ মনৰ সেউজ দিগন্ত ।
   সৌৱা টিৰাপৰে কিশোৰ ৱাঞ্চু
তাৰ মুঠিত জোঙা যাঠি পাকমু
ডিঙিত লিকমণি মূৰত কাশ্বান
সৰু ফানাট মাৰি নাচিছে শ্বোৱান
চুটিকৈ মিঠাৰে আৱৰা কঁকাল
ভাঙি ভাঙি গাভৰুৱে দিয়ে কিনো তাল ?
ভয়াবহ পাহাৰক সাৱটি ধৰি
চুমা খাই থকা ডাৱৰ-আঁৰত
সূৰুযটি অস্পষ্ট !

   (সৌৱা ) ৰিণিকি ৰিণিকি
দেখিলোঁ খুনচা বস্তি
সৌৱা সুঠাম নক্তে ডেকাটি
গাত পিন্ধি জেইমচেং চোলাটি
মূৰত বেতৰে খপক শোভে
আৰু কঁকালত ৰঙীন খাতৰি
সি লোণৰ পুঙত ব্যস্ত ।।
  টিৰাপৰে বস্তি চাংলাং
তাতে সৰল জনজাতি লুংচাং
সৌৱা টিৰাপ নৈৰে বুকুৰে
বাঁহৰ ওলমা সাঁকোৰে
টাংচা খেতিয়ক পাৰ হয়
  সৌৱা দেখোঁ দলে দলে নামিছে
অ' পিঠিত পহু লৈ নামিছে।
বোলোঁ, ককাই ক’লৈনো যোৱাঁ?
ক’লে মাৰ্ঘেৰিটাৰ হাটলৈ
নহ’লে শ্ৰম হ’ব নষ্ট ।।
   আহোম স্বৰ্গদেউৰ দিনতে
লোণ বান্ধি নামিছিল নক্তে
তাহানিৰ শ্ৰীশ্ৰীৰাম আতাই
নক্তে নৃপতিক দিছিলে শৰণ
কৰি নক্তে শিষ্যৰ নামকৰণ
নৰৰো উত্তম 'নৰোত্তম'
কৈছিল মানুহ মানুহ হ’লে
ইজনে সিজনক সাবটিলে
নহয় জাতিকুল ভ্ৰষ্ট ।