টিহু হʼল তোমাৰ নাম

টিহু হʼল তোমাৰ নাম হওক আনন্দ তোমাৰ
লখিমী পথাৰৰ পৰা কৰোঁ নমস্কাৰ।।


বড়ো ভাষাৰ 'ডিহু' শব্দ হে বিষ্ণু ৰাভাই কোৱা
'ডি' মানে পানী আৰু 'হু' মানে বোৱা হে'।।
'ডিহু' ক্ৰমে 'টিহু' হʼল হে', টিহু নদীৰ পাৰে
বাণীকান্ত কাকতিয়ে কয় বাৰে বাৰে।
ভূটান গিৰিৰ পাদদেশত হে' আহিল এখন বিল
তাৰেপৰা ভালুকডঙা বৈ আহিছিল।।

শিংৰা নদী নাম ধৰি এʼ কিছু দূৰ বʼলে
এহি অঞ্চল ভ্ৰমি ভ্ৰমি ন-খন্দাত মিলিলে।
টিহু নদী সৰু নদী হেʼ সৰু হʼলে কিনো হʼল
জলধাৰৰ পাৰে মহান কৃষ্টি পৰি ৰʼল।।
টিহু নদীৰ দুয়ো পাৰে হেʼ জীৱন দিয়া সাৰ।
সোণালী ধান শস্য আৰু সৰিয়হ অপাৰ।।

 উত্তৰে শোভি আছে ভূটান-পূব ক্ষেত্ৰ
দক্ষিণতে বৈ আছে বাবা ব্ৰহ্মপুত্ৰ।
বৰমা আখৰা স্থান হেʼ পূৰ্ব দিশে আছে
পশ্চিমে বজালীৰ কিছু অংশ বিৰাজিছে।।

টিহু নগৰ কেন্দ্ৰ কৰি এʼ, মুঠ মৌজা সাতোখন
বাস কৰে জনজাতি নানা জাতিৰ মন।
'বাগচা' শব্দই ভূটীয়া ভাষাত দুৱাৰ মুখ বুজায়
উত্তৰে 'বাস্কা' অঞ্চল সেয়ে নাম পায়।

চতুৰ্থ-পঞ্চদশ শতিকাত হয়, ভোট বড়োৰ ৰণ
প্ৰমাণ ৰূপে 'বৰবৰী'ৰ হয় নামকৰণ!
মঠ-মন্দিৰ-সত্ৰ দেৱালয় আছে নানা বিশ্বাসৰ
শাক্ত-বৈষ্ণৱ শৈৱ ভক্তৰ এহি স্থানে ঘৰ।।
গন্ধৰ্ব্ব ৰায়ক আজ্ঞা দিলে এʼ হেʼ গুৰু মাধৱদেৱে

মনোহৰে আজ্ঞা পালে এʼ শ্ৰীদামোদৰ দেৱৰ
সেয়ে হৈছিল স্থাপনা শিঙৰা সত্ৰৰ।

সন্তদেৱে পাতি দিলে হেʼ সন্ধেলা গাওঁ সত্ৰ
সন্ত মাধৱ কন্দলীৰে তৃতীয়জন পুত্ৰ।।
শঙ্কৰদেৱৰ সময়ৰে হেʼ, এʼ বাসুদেৱ চৌধুৰী
সৎসঙ্গী সত্ৰ পাতে গুৰুক প্ৰণাম কৰি।।
তেৱেঁ কৰে প্ৰতিষ্ঠা এʼ, তাতে বাসুদেৱ বিগ্ৰহ
আহোম স্বৰ্গদেউৰ পালে সহায় আগ্ৰহ।
দুশ পুৰা মাটি দিলা এʼ, ৰজা নৰনাৰায়ণে
শিৱ সিংহই মানি লʼলে হৰষিত মনে।।


নিষ্পিখেৰাজ ধৰ্ম্মোত্তৰ হেʼ মাটি দিছিল ইংৰাজে
সেহি সত্ৰৰ গুৰুসেৱা আজিও বিৰাজে।।
ফুলেশ্বৰী কুঁৱৰীৰ হেʼ, এদিন সুতিকা ৰোগ হয়
ভৱকান্ত ভট্টাচাৰ্যই কৰে নিৰাময়।।
শিৱসিংহ স্বৰ্গদেৱে হেʼ তুষ্ট হৈ অতি
তামৰ ফলি কৰি দিলা আৰু দিলা মাটি।।
খানাৰ মাজ সত্ৰখনি এʼ, পৱিত্ৰ দামোদৰী
শ্যামৰায়ৰ বৈষ্ণৱ ধৰ্ম আছে ই প্ৰচাৰি।।
শাক্ত ধৰ্ম্মৰ নিদৰ্শন এʼ, বহু কালী মন্দিৰত
কঠালমুৰা, পাটিকাৰ মথুৰাপুৰ গাঁৱত।।
হাৰিভাঙাৰ কামাখ্যা এʼ, যʼত শক্তিপূজা হয়
হেলচাপাৰাৰ বিষহৰিত ভক্তই আশিস লয়।।
স্থানে স্থানে শৈৱ ধৰ্মৰ এʼ, হেʼ, নিদৰ্শন চোৱাঁ
প্ৰমাণ আছে ভদ্ৰকুছিত পৰমান খোৱা।।
আহোম ৰজাৰ দিনতো এʼ, বহু পুখুৰী খনাই
টিহু অঞ্চল সজাইছিলা তৃষ্ণা গুচুৱাই।।
টিহু থানাৰ মাজ সত্ৰৰ এʼ, কাঠৰ বিগ্ৰহ ধৰি,
ধাতুৰ গঢ়া বুলি মানে নিলা চুৰ কৰি।।
পিচে কাঠৰ বুলি জানিয়া এʼ, হাতখন ভাঙিলা
সেই কাঠৰ বিগ্ৰহ আজিও সত্ৰত শোভা পাইলা।।
আৰু কত বুৰঞ্জী এʼ, টিহুত লকাই আছে
আজিৰ সভাত পণ্ডিতসৱে উদ্ধাৰিব পাচে।।
দুই কুৰি তিনি বছৰ হʼল আজি সাহিত্য সভাৰ
তাতে আহি ধন্য হয় ভূপেন্দ্ৰ গীতিকাৰ।।
নীৰৱ সাধক পণ্ডিতপ্ৰৱৰ এʼ, শ্ৰীশৰ্ম্মা যজ্ঞেশ্বৰে
আজি, অসমীয়া সাহিত্যৰ দিগদৰ্শন কৰে।।
সাৰদা বৰদলৈ আজি হেʼ আমাৰ পূজ্য নাট্যকাৰ
ৰামদাসে গুৰি ধৰে গল্প লিখোঁতাৰ।।
আজি মালিক বহে, কবি বহে হেʼ, নৱ পদ্মভূষণ
নিৰ্মলপ্ৰভাই হাঁহি আছে শুৱাই সভাখন।।
(আকৌ) মালিক বহে, নৱ বহে এʼবহে নিৰ্মলপ্ৰভাই
হিন্দু মুছলমান বহে, বহে বড়ো ৰাভা।।
সুভাষ মুখোপাধ্যায় আজি হেʼ আমাৰ মাজত আছে
বঙ্গ-অসমৰে সেতু কবিতাৰে ৰচে।।
অসমৰ যোগ্যপুত্ৰ এʼ, শ্ৰীফখৰুদ্দিনে
টিহু নগৰ নামিলেহি একচক্ৰ বিমানে।।
বৰপেটাৰ প্ৰতিনিধি এʼ, শ্ৰীফখৰুদ্দিন নাম
ৰাষ্ট্ৰপতি হৈয়ো কৰে টিহুকে প্ৰণাম।।