তপ্ত তীখাৰে

Play Now

তপ্ত তীখাৰে,

অগ্নি শক্তি
ৰক্তবর্ণে জ্বলে --- এ' জ্বলিলে
মুক্তিপিয়াসী সুপ্ত মানুহৰ
বক্ষ তীখা হৈ গলে ---- এ' গলিলে ।

জনতাতন্ত্ৰৰ সাজি ল’লোঁ অস্ত্ৰ
স্বতন্ত্ৰতাকে আনিম বুলি
শোষণজর্জৰ সহস্ৰ মানুহৰ
আর্তনাদ আৰু নুশুনো বুলি ।
আমাৰে দেশতে ফল্গুসদৃশ
গুপ্ত সংগ্ৰাম চলে --- এ' চলিলে ।।
 

হে' --- হেইয়া কি ৰাম ৰাম,
ডাঁৰ মাৰিবলৈ আহাঁ কি ৰাম ৰাম
---হে' এ' হেইয়া কি ৰাম ৰাম
জীৱন-লুইতলৈ আহাঁ কি ৰাম ৰাম ।
হে' --- হেইয়া কি ৰাম ৰাম
ক্ষুদ্ৰ স্বার্থ এৰি আহাঁ কি ৰাম ৰাম
হে'-- হেইয়া কি ৰাম ৰাম

ৰাইজ নেকান্দিবা, টঙালি বান্ধিবা
ৰাইজ নেকান্দিবা, টঙালি বান্ধিবা

যাত্ৰাৰ অন্ত হয় হে' হয় হে'
 হে' -- হেইয়া কি ৰাম ৰাম
ডাঁৰ মাৰিবলৈ আহাঁ কি ৰাম ৰাম
 হে' -- হেইয়া কি ৰাম ৰাম
জীৱন-লুইতলৈ আহাঁ কি ৰাম ৰাম ।
দেশৰ হকে মৰিবলৈ আহাঁ কি ৰাম ৰাম
হে' --- হেইয়া কি ৰাম ৰাম
দেশৰ এই প্ৰজা, অন্যায় যুঁজা
দেশৰেই প্ৰজা অন্যায় যুঁজা
সত্যৰ আজি ‌হ’ব জয় হে জয়

হে'--- হেইয়া কি ৰাম ৰাম।