শিশু শকুন্তলা

শিশু শকুন্তলাৰ উচুপনি
কাশ্যপ ঋষিৰ আশ্ৰমখনি
(আজি) জ্যোতিষ্মান হʼল।
মেনকাই কন্যা শকুন্তলাক
মৰতত সমৰ্পি গʼল;
উমলি আহোঁগৈ বʼলাঁ
অʼ বাচ্ছা শকুন্তলা।।
শংখ বজোৱা দিয়া উৰুলি
আনন্দে নধৰে হিয়া
প্ৰকৃতি কোলাত ধেমালি মগন
শিশুটি আলফুলীয়া,
উমলি আহোঁগৈ বʼলাঁ/অʼ বাছা শকুন্তলা।
বনানী পালিতা শকুন্তলাৰ/সংগী বন পশুপক্ষী,
মৃগ শিশু সঙ্গে নিতে বাঢ়ি যায়/বনানীৰ তাই শুভ লক্ষী
জিলিকে ৰূপ উৎপলা/ৰূপহী শকুন্তলা।
নৱমল্লিকাৰে কোমল কলিটি
ধীৰে প্ৰস্ফুটিত হʼল,
কৈশোৰ পাৰ হৈ শকুন্তলাও
পূৰ্ণ যৌৱনা হʼল,
মালিনীত স্নান কৰোঁ বʼলাঁ
অʼ আই শকুন্তলা।।