শেৱালি পাহিটি

শেৱালি পাহিটি বুকুৰে কথাটি
কʼবলৈ ভাষাটি নাই নাই;
মোৰো যে ভাবটি বুজাব নোৱাৰোঁ
মনতে মৰহি যায়,
যায় কেঁচা সোণ
মনতে মৰহি যায়।
পথাৰৰ সিপাৰে পেঁপাৰ মাত শুনিলোঁ
মন মোৰ বলিয়া হয়।
শালিকৈ ধানৰে সৰুকৈ আলি দে
ভৰি মোৰ পিছল খায়
খায় কেঁচা সোণ
ভৰি মোৰ পিছলে খায়।।
এধানি নিজৰাই দুবাহু মেলিছে
বৰনৈৰ বুকুলৈ বাগৰি যায়
বহলকৈ বৰনৈ সাগৰে মাতিছে
এধানি নিজৰাক মাতোঁতা নাই
নাই কেঁচা সোণ
নিজৰাক মাতোঁতা নাই।।
বৰগছ মেৰিয়াই লতাপাত বগালে
আলফুলে পৰশন পাই,
তোকে মই আৱৰি ৰাখিম মোৰ কেঁচা সোণ
কালৈকো নকৰোঁ ভয়
ভয় কেঁচা সোণ
কালৈকো নকৰোঁ ভয়।।
তাহানি শুনিছোঁ কথা; মোৰ চেনাই ঐ
সময়ো উকলি যায়।
ৰিঙিয়াই ৰিঙিয়াই ভাগৰি পৰিলোঁ
তেওতো সঁহাৰি নাই
মোৰ কেঁচা সোণ
তেওতো সঁহাৰি নাই।।