শেষ সকিয়নী

সিদিনা -- আঠ নৱেম্বৰ উনৈছ শ বাসত্তৰত লিখিছিলোঁ--
তৰ্ক নকৰো মই, শেষ হʼল তৰ্ক
এই গীত সতৰ্ক কৰাৰ
নানিবি অসমলৈ ত্ৰাস পৰিবেশ
ধ্বংস যজ্ঞ জ্বলোৱাৰ।
......
কাৰো প্ৰতি বিদ্বেষ, কাৰো ভাষা অৱহেলা
লক্ষ্য নহয় আমাৰ
এই গীত নুবুজিলে শত গীত লিখি যাম
জগাই লুইতৰে পাৰ।
.....
আজি লিখিছোঁ --
উনাশী আশীত লুইতপৰীয়া দলে
সহস্ৰ কণ্ঠেৰে কʼলে
অহিংস নীতিৰেই কৰিম সংগ্ৰাম
যাওক গৈ জীৱনটো গʼলে।
খৰ্গেশ্বৰৰ কোমল বুকুত
শোষণ শোণিত অস্ত্ৰ
তেজাল ডেকাৰ তেজ বেগেৰে বলে
দেহত শুকুলা বস্ত্ৰ।
(এই) সংবাদ শুনিয়েই অসমবাসীৰ
কালিকা চৰিল যেন গাত
অগণন ৰাইজে সমদল সজালে
জীৱনটো কৰিও পাত।
দুলিয়াজানত গʼল অজিত নেওগ
নগেন ডেকা আৰু কুমুদ গগৈ
বাগানপাৰাৰ দিলীপ হুজুৰিও
বীৰদৰ্পে গুচি গʼলগৈ।
আৰু কত শত জনে, মৰণক নেওচি
নিতে নৱ কৰিছেহি পণ
পোহৰ সন্ধানী অগ্নি শিখাত
উজলিছে জন অগণন।
মৃত্যু পণেৰেই, উলিয়াব লাগিবই
জীয়াই থকাৰ এটি বাট
এই সংগ্ৰাম সেষ সংগ্ৰাম
এয়েই শেষ শৰাইঘাট।।