শংকৰ-মাধবৰ মহা সৃষ্টি

শংকৰ-মাধৱৰ মহা মহা সৃষ্টিৰে
উজ্জ্বল লুইতৰে পাৰ
কতজনে শলাগিলে অসমীয়া লিখনি
পদ্ম গোহাঞি বৰুৱাৰ।।
বড়ো-ৰাভা মিচিঙৰ ৰূপে ৰসে ভৰপূৰ
জীয়া জীয়া আমাৰ ভাষাৰ।
লিখাবোৰ কিয় বাৰু পঢ়ি পঢ়ি
চোৱা নাই পামেগাম বিষ্ণু ৰাভাৰ ।
আনন্দ, চন্দ্ৰ, ৰজনীকান্ত আৰু
অম্বিকাগিৰীৰ ভাষাৰ,
একে ফুলনিতে জানো ফুল
ফুলা নাছিলে মফিজ হাজৰিকাৰ ?
আজান ফকিৰ আৰু লক্ষ্মীনাথৰ
একে ধ্যান একেটি আশাৰ।
মোজাম্মিল অনিলো হʼল একে শৰতৰে
দুটি ফুল, একেটি ভাষাৰ।।
উপাধ্যায়, ত্ৰিপাঠী, আফাজ তমিজ আৰু
কৰ্মকাৰ চাহ বাগিচাৰ;
অসমীক আঁকোৱালি পাতিছে মনৰ কথা,
ভাষা নৱ অসমীয়াৰ।।
বহুতো বঙালী ভাই, লুইতৰ পাৰ পাই
হʼল বান্ধ অসমীয়াৰ।
বুকুখনি উদঙাই ঢালি দিলে অসমে
মৌ-জোল স্নেহ নিজৰাৰ।।
ন-বোৱাৰীৰ দেখোঁ প্ৰাণৰ তৃষ্ণা হয়
পতিগৃহ আপোন কৰাৰ,
বহু যুগ ধৰি অসমতে থকা কিছু মানুহৰ
দেখোঁ কিয় চাৱনি ঘৃণাৰ!
দূৰণিৰ পৰা আহি যুগ যুগ ধৰিও
অসমীক মাতৃ নোবোলাৰ;
কথা শুনি কিনো কʼব সুন্দৰ আতমাই
জ্যোতি আগৰৱালাৰ?
কবীন্দ্ৰ ৰবীন্দ্ৰ আৰু আচাৰ্য ৰায়
অন্নদাশংকৰ আৰু সুনীতি কুমাৰ,
এওঁলোকে জানে দেখোঁ ঐতিহ্য মহান
আমাৰ মাতৃ ভাষাৰ।।