সুন্দৰী চাওঁ কিনো কল্পনা

সুন্দৰী চাওঁ কিনো কল্পনা
সুন্দৰী আঁকা কিনো আল্পনা
মই কল্পনা জল্পনা আল্পনা-চাল্পনা
যিহকে আঁকো মোৰ পৰিকল্পনা
কিয়? কʼম কোৱাঁনা।
কথাঃ মোকেনো নাআঁকা কিয়? মোৰ ৰূপ জানো
দ্বাৰকাৰ অনিৰুদ্ধ যেন নহয় বাৰু''
দাপোণত মুখ চাই আহিলেই ভাল,
আৰু চিত্ৰলেখা ময়ো নহওঁ কাৰো
শুনিছাঁনে নাই কোৱানা??
বাৰু চিত্ৰলেখা তুমি নোহোৱা কাৰো
ঊষাও কাৰো নোহোৱা বাৰু?
পিছে ঢুকি পাব নোৱৰা বিধৰ মই
আকাশৰ মিঠা মিঠা চন্দ্ৰমা।
যদি চন্দ্ৰমা তুমি হোৱা ময়ো সূৰ্য
আঁকিম চন্দ্ৰমাতে মৰমী চুমা।
অʼ সূৰুয বদন কিয় ইমান প্ৰতাপ
সহিম কেনেকৈ বাৰু মিঠা উত্তাপ,
খহনীয়া নৈ চেঙেলীয়া পানী
বৈ মোৰ উটাই পৰাণ,
তোমাৰেই নৈতে কৰোঁ শতবাৰ
সুশীতল মুক্তিৰ স্নান
মোৰ মন গহনলৈ তুমি আমন্ত্ৰিত
সেই আৱেশত মোৰ বুকু স্পন্দিত
দেহ মন মোৰ হʼল আল্পনা
কোনেনো তুমিকা বুলায়?
তোমাৰ আল্পনা নিমজ স্নিগ্ধ
কামদেৱ পিছলি যায়,
সাবটো কেনেকে বাৰু তুমি কোৱাঁনা?
হা: হা: হা: হা: