সোঁৱৰণী কুৱঁলীয়ে (কণ্ঠ - জয়ন্ত হাজৰিকা)

Play Now

সোঁৱৰণী কুৱঁলীয়ে
চিঞঁৰি চিঞঁৰি কয়
অতীতৰ সীমা-ৰেখা নাই
সমুখতো দেখোঁ আজি
পুৰণিক আকুল কৰে
নতুনে মাথোঁ ৰিঙিয়ায়।


জীৱনৰ বাটটিত
এৰি অহা খোজবোৰ
নিতে মচে কোন ধুমুহাই
মিছায়ে উভতি চাই
পাহৰা গীতটি গাই
দেহা মোৰ ভাগৰিহে যায়।


কিবা যেন বিচাৰি
হেৰুৱালোঁ পৰিচয়
পৰিচিতো আঁতৰিহে যায়
আজিৰ সোঁতত বহি
কালিৰ সপোন দেখি
আশা মোৰ নিতে বাঢ়ি যায়।