সোণৰ কাঠীৰ পৰশ

সোণৰ কাঠীৰ পৰশ পোৱা
আলফুলীয়া হাতেৰে
কোনেনো ধূলিক সাবটি লয়?
এটি ঘৰৰ দুটি মানুহ
দুটি জীৱনৰ কথা শুনা
এজুপি লতাৰ দুটি কলি
এটি যে নিয়ৰত থাকে উমলি
আনটিয়ে নিয়ৰৰ টোপাল নাপাই
মাথোঁ খায় হাবাথুৰি।
এটি জীৱনত নিতৌ হৰষ
কোনোবাই সানি দিয়ে সোণৰ পৰশ
আনটিৰ জীৱনৰ আজিৰ সমল
মাথোঁ দুখৰে দিন গণা।
এটি জীৱনৰ চকৰি ঘূৰে
(তাত) চিক্‌মিক জেউতিৰ ৰহণ চৰে
আনটিৰ আশা ধূলিত বাগৰে
নাই তাত পোহৰৰ এটিও কণা।।
এটিয়ে সৰগক হাততে পায়
আনি দিব ওভোতাই কোনে বা আজি
আনটিৰ জীৱনে হেৰুওৱা হাঁহি
সুন্দৰ সৰগৰ মধুৰকণা।।