ৰংপুৰ তোমাৰ নাম

Play Now

  

ৰংপুৰ তোমাৰ নাম হওক মঙ্গল তোমাৰ
ৰংপুৰ তোমাৰ নাম হওক মঙ্গল তোমাৰ
অতীত ঘাটি চাইলে পাবা ঐতিহ্য অপাৰ হে' ।
ৰংপুৰ তোমাৰ নাম হওক মঙ্গল তোমাৰ
চাউলুং চুকাফাই এ', ৰাখি গৈলা খ্যাতি
আলফুলে গঢ়ি দিলা অসমীয়া জাতি হে' ।
ৰংপুৰ তোমাৰ নাম হওক মঙ্গল তোমাৰ
ষোল্লশ সোতৰ শকৰ হে' চৈধ্য  ফাগুণত
লাই কোঁৱৰ ৰূদ্রসিংহ বহে ৰাজপাটত হে' ।
এইজনা স্বর্গদেৱে হে' ষোল্লশ বিশত
ৰংপুৰ প্রতিষ্ঠা কৰে নতুন নগৰত হে'
ৰংপুৰ তোমাৰ নাম হওক মঙ্গল তোমাৰ
উত্তৰে দিখৌ নদী, হে' এ নামদাং দক্ষিণত
বাহগড় পূবে বাকী দিখৌ পশ্চিমত হে' ।
বুৰঞ্জীৰ বাখৰপতোৱা গহনা ৰংপুৰ
আজিও আছে ৰঙে-ৰসে হৈ ভৰপুৰ হে' ।
অসম সাহিত্য সভাৰ হে জন্ম এহি স্থানত
পদ্মনাথ সভাপতি উনৈশ শ সোঁতৰত হে' ।
ঊনৈশ শ একত্রিশৰ, হে' আৱাহন যুগত
এহি স্থানে দ্বিতীয়বাৰ অধিৱেশন পাতে হে'
ৰংপুৰ তোমাৰ নাম হওক মঙ্গল তোমাৰ
ৰংপুৰ তোমাৰ নাম হওক মঙ্গল তোমাৰ ।
গোৱালপাৰাৰ গল্প লেখক হে' নগেন্দ্র চৌধুৰী
সভাপতি ৰূপে ভাষাৰ ধৰিলাহি গুৰি হে'
ঊনৈশ শ চৌৱাল্লিশ চনত এ' আহি বাগ্মীবৰ
সোণালী অধ্যায় ৰচে ভাষা সাহিত্যৰ হে'
ভাষা গঠনৰ কত কথাকে লিখিম
জনজাতিৰ ভাষাৰ দান কিমান বখানিম হে' ।
বড়ো তিৱা হাজং ৰাভা এ', হে' দেউৰী মণিপুৰী
তাই ভাষাই অসমীয়াক ৰাখে দৃঢ় কৰি হে' ।
 চৰৰ ন-অসমীয়া আৰু চাহবাগিছাৰ ভাষা
অসমীয়া সাহিত্যলৈ আনে ৰঙীণ আশা হে' ।
অৰুণাচলী অসমীয়া চিৰ যুগমীয়া
ৰাজনীতিয়ে নেমাৰে যেন বন্ধুত্ব অমিয়া হে'
 গদাপাণি ডালিমীৰ, হে' ভাষা নাগামিজ
নগা আৰু অসমীয়াৰ মৰমৰে বীজ হে' ।
 লুম্বেৰ দাই-এ লিখি
 গৈলা পৃথিৱীৰে হাঁহি
ৰংবং তেৰাঙে বজায়
একতাৰে বাঁহী
বৰাকৰ ৰাজমোহন,
হেমাংগ বিশ্বাসে
ইতিবাচক সেতু বান্ধে
বন্ধুত্বৰ আশ্বাসে ।
টাবু টাইড ভৃগুমণি
 নাহেন্দ্র পাদুনে
ঐনিতমৰ সুগন্ধি
সাহিত্যলৈ আনে ।
জনজাতিৰ ভাষাগোষ্ঠীৰ
কত বুদ্ধিজীৱী
স্ব ভাষাৰ বিকাশ সধা
সাহিত্যৰে সেৱী ।
কাৰো ভাষা কাৰো মূৰত
জাপিব নেপায়
যুগ যুগৰ সমন্বয়
 তেহে শোভা পায় ।
মনৰ সেতু বন্ধা আমাৰ
 অসমীয়া ভাষা
সংযোগী হৈ থাকিলেই
পূর্ণ হ’ব আশা ।
ৰংপুৰ তোমাৰ নাম হওক মঙ্গল তোমাৰ ।
 আজি সংঘাতৰে বহু পানী এ', হে' দিখৌ নৈৰে বৈলা
তিৰান্নব্বৈত আহি আজি জাগ্রত হৈলা ।
ৰংপুৰ নগৰ হৈলা এ' ৰংপুৰ ক্ষেত্র
হয় পৰস্পৰক সন্মান কৰা জনতা সমূদ্র হে' ।
নানা জাতি জনজাতিৰ হে' সম বিকাশ
এহি মন্ত্রে উজ্জ্বল আজি সাহিত্য আকাশ হে' ।
পঞ্চনদীৰ খুশৱন্ত সিং আৰু বঙ্গৰ শংখ ঘোষ
অসমীয়াৰ মৰম ল’বা নধৰিবা দোষ হে' ।
 ভাষা সমন্বয় মঞ্চ হওক সঞ্জীৱিত
সর্বজাতি জনজাতি হওক মিলিত
গুণগত নতুন সম্বন্ধৰে কাহিনী
নতুন সাহিত্যিকে গঢ়ক সমন্বয় বাহিনী
গোবিন্দ পৈৰাৰ দান ভাষালৈ অপাৰ
এই পৰম্পৰা হওক জীয়া বাৰম্বাৰ ।
 ভাৰতে স্বীকৃতি দিলে হে', এ' নেপালী ভাষাৰ
এহি সভাই অভিনন্দন যাচে শতবাৰ হে'
 দিখৌমুখৰ শৰাগুৰিৰ হে' গধূলি প্রভাতে
হজৰত শ্বাহীৰান হাঁহি আছে তাতে হে'
অসমীয়া সাহিত্যৰ হে' জিকিৰ আৰু জাৰি
সমন্বয়ৰ ধ্বজা উৰায় জয় ঘোষণা কৰি হে' ।
সমন্বয় সমন্বয় হে মাথোঁ সমন্বয়
সমন্বয়ে প্রগতিক কৰে জ্যোতির্ময় হে'।
আজি পৃথিৱীয়ে ডিঙি মেলি হে' ৰংপুৰলৈ চায়
গায়ক ভূপেন্দ্রয়ো আহি প্রণতি জনায় হে' ।