ৰণ ক্লান্ত নহওঁ

ৰণক্লান্ত নহওঁ, সেই মুহূৰ্ত লৈ
 --- যি মুহূৰ্ততে মোৰ সীমান্ততে
শেষ শত্রু দৈত্যটিৰ নহয় মৰণ । --- ৰণক্লান্ত নহওঁ ।
 ঝনঝনায় ----আজি ঝনঝনায়
মোৰ অগণন জোৱানৰ মৰণাস্ত্র
গমগমাই আজি গমগমায়
জয় প্রতিজ্ঞা ধ্বনিৰে মোৰ ৰাষ্ট্র ।
নিয়তিৰ ৰূপ ধৰি কাপুৰুষ শত্রুৰ
বিদাৰিম বক্ষ কৰিললো পণ ।
ৰণক্লান্ত নহওঁ
দিগভ্রান্ত নহওঁ, ---দিগভ্রান্ত নহওঁ  --কোনো চক্রান্তত
যি চক্রান্তত মোৰ দেশৰ  ধ্বজাৰ হয়
বৰ্বৰ  আঘাতত অকাল পতন । -- ৰণক্লান্ত নহওঁ
 বুদ্ধ গান্ধীক পদাঘাত কৰিলি
পঞ্চশীলকে ত্রাস বুলি হাঁহিলি
বিশাল এচিয়াৰ সংহতি নাশিলি !
তোৰ গৰ্ব খৰ্ব হ’ব --দম্ভ তৰ্ক যাব
ভাৰত  সিংহ আজি জাগ্ৰত  হয় ।
প্রতি ৰক্ত বিন্দুতে (এক) সহস্র শ্বহীদৰ
সাহস প্রতিজ্ঞাও উজ্বল হয়
নৰ ৰক্ত লোলুপ, পৰ ৰাজ্য লোলুপ
নৰ ৰক্ত লোলুপ, পৰ ৰাজ্য লোলুপ
কৰোঁ সাৱধান,  হ পশ্চাৎগামী
 মহা ৰুদ্র ৰূপে মহা সত্য ৰূপে
মহাৰুদ্র ৰূপে, মহা সত্য ৰূপে
মোৰ মুক্তি সৈন্য হয় অগ্রগামী
দেশৰ মাটিত আমি বক্ষ ৰক্তেৰে
স্বাক্ষৰ কৰি কৰি সপিম জীৱন । ---ৰণক্লান্ত নহওঁ