নিজকে দেখি, আজিকালি

                  ৰচনা কাল : ১৯৭৮

 

কথাঃ  কিয় বাৰু? নিজকে দেখি
গীতঃ নিজকে দেখি, আজিকালি, বেলেগ ভাব জাগে,
দাপোণখনিৰ, মইজনীক সপোন সপোন লাগে।।


সিদিনালৈকে আছিলোঁ দেখোন, পুতলা ঘৰ সাজি
পুতলাৰে কইনা-দৰা নেখেলোঁ যে আজি;
পুতলাবোৰ মানুহ মানুহ লগা হʼল যে কিয়
মৰমী চাৱনিৰে মোক জোকায় কিয়?
চাৱনিৰো মানেবোৰো বুজা যেন লাগে
দাপোণখনিৰ মইজনীক সপোন সপোন লাগে।


সোণ পুৱতিৰ সোণ আঙুলিৰ পৰশ লাগি যায়
সেই পৰশৰ মিঠা উমত দেহা দহি যায় ।
বৰষাই এঙামূৰি দি সকীয়ায়
মই হেনো যুৱতী হʼলোঁ শৈশৱ আৰু নাই।
কিয় যেন আজিকালি লাজ লাজ লাগে
দাপোণখনিৰ মইজনীক, সপোন সপোন লাগে।

কথা : সপোন সপোন লাগে!