নাই নাই নাই হেনো

                              ৰচনা কাল : ১৯৬৬

 

নাই নাই নাই হেনো আমাৰ আপোন শাস্ত্ৰী
তাছখণ্ডতে হʼল শান্তি পথযাত্ৰী।


নিঃকিন শৈশৱে সংগ্ৰামী সাজিলে
সংগ্ৰামী যৌৱনে সাত্ত্বিক সাজিলে।


ভাৰততে ঐতিহ্যৰ গূঢ়াৰ্থ বুজিলে
প্ৰাচ্যৰ সংযমৰ স্বৰূপ বখানিলে।


প্ৰতিজন দৰিদ্ৰৰ তেওঁ যেন ভ্ৰাতৃ
দূৰণিৰ দেশতে হʼল শান্তি পথযাত্ৰী।


ক্ষুদ্ৰাতি ক্ষুদ্ৰ হৈয়ো মহত্ব দেখুৱালে
দানৱীয় ক্ৰোধাগ্নিতো, শিৰ নোদোঁৱালে।


হিন্দু কাশী পীঠ জয়ী বিদ্যাৰ্থী আছিলে
হাফিজৰ দেশতে সুখনিদ্ৰা লাভিলে।


সন্মানী সন্ধিৰে মুহিলে ধৰিত্ৰী
ওমৰৰ দেশতে হʼল শান্তি পথযাত্ৰী।


প্ৰতি ভাৰতীয়ক তীখাৰে বন্ধালে
প্ৰতিজনক মনে মনে নিজ নেতা সজালে
কাৰ্য সমাপিহে তেওঁ মৃত্যু কোলাত বহিলে
আপোনাৰ গৃহলৈ সুপ্ত শাস্ত্ৰী আহিলে।


স্বদেশলৈ উভতিলে যেন আমাৰ পিতৃ
তাছখণ্ডতে হʼল শান্তি পথযাত্ৰী।


বিশ্ব সমাজ পাই ঘৰতে চমু নাট মেলিলে
তিনিটা দৃশ্যৰে একাংকিকা ৰচিলে।


প্ৰথম দৃশ্যৰে তেওঁ সৰলতা আনিলে,
দ্বিতীয় দৃশ্যতে তেওঁ ৰুদ্ৰ ৰস ঢালিলে,
তৃতীয় দৃশ্যতে নাশে ঘোৰ ৰণ ৰাত্ৰি
তাছখণ্ডতে হʼল শান্তি পথযাত্ৰী।
ওমৰৰ দেশতে হʼল শান্তি পথযাত্ৰী
দূৰণিৰ দেশতে হʼল শান্তি পথযাত্ৰী।