লুইততে মোৰ ঘৰ

লুইততে মোৰ ঘৰ
লুইতেই মোৰ পৰ
লুইতে যে ভাঙে গঢ়ে
সপোন মৰমৰ।।

আশাৰ বালিচৰত এদিন
তুমি হʼলা মোৰ
এখনি নাৱতে দুয়ো
হৈছিলো বিভোৰ ।
আজি কিয় গুচি গʼলা
কিয় নিৰুত্তৰ ?

ইকূল-সিকূল বিচাৰি মই
মাজ নদীতে ৰʼলো
চকোৱাবিহীন চাকৈৰ দৰে
মাজ নিশা বিনালোঁ।
যোৱাতো বানপানীতে মই
তোমাক হেৰুৱালোঁ
ইকূল-সিকূল নেপালোঁ বিচাৰি
মোৰ লাগিলে ভাগৰ
লুইততে মোৰ ঘৰ।

মৰণ কালসৰ্পই কিয় দংশিলে তোমাক
বেউলাৰ গুণ নাই যে, ভুলাম দেৱতাক
সিপুৰীত যেন পাওঁ তোমাৰ পৰশ চৰণৰ
লুইতে যে ভাঙে গঢ়ে সপোন মৰমৰ ।।