লিয়েনমাকাও

Play Now


ৰচনা কাল : ১৯৬৪

লিয়েনমাকাও--
লিয়েনমাকাও
কোন
কোন পাহাৰ শিখৰতে
বাট চাইছা ?
সুৰৰ পঁজা কিয় উদং ৰাখিম
অকলশৰে মই কিমান কান্দিম
তাকে একমনে ভাবিছাঁ ।

চুলিটাৰি---
চুলিটাৰি
তাতে
তাতে ডিয়েংচিয়ে পাতৰ ৰং সানিছা
সেই ৰং লাগি হঁহা
শ্বৰাতি বাঁহীৰ
সেই ৰং লাগি হঁহা
শ্বৰাতি বাঁহীৰ
সুৰধ্বনি তুমি শুনিছা ?
 
অ’ আকাশ --
অ' আকাশ
মোৰ লগৰীক তুমি জানো দেখিছা ?
তেওঁৰ জেইনচেমখনি বিজুলীৰে বোৱা,
ৰঙা ওঁঠজুৰি
অ' মৌৰে বোলোৱা
তুমি জানো মন কৰিছা ?

অ’ নিয়ৰ --
অ' নিয়ৰ
সুহুৰি মাৰিছাঁ --
খুবলেই শ্বিবুন
শ্বিবুন তোমাকে
অ' মোৰ মানসীৰ
অ' দেহাৰে ভাঁজত
কোমলতা তুমি সানিছা ।।