Songs that start with,

কোন চিত্ৰলেখীয়ে এয়া ছবি আঁকে

নায়ক: কোন চিত্ৰলেখীয়ে এয়া ছবি আঁকে?
চাওঁ ছবিত নো কোন ৰাজকোঁৱৰ থাকে?
(ময়েই থাকিম নিশ্বয়)

নায়িকা: (ইঃ বৰ অনিৰুদ্ধ কোঁৱৰ ওলাইছে !)
মোক পাবলৈ তুমি কিয় হাবাথুৰি খোৱা ?
 মই গগনৰ চন্দ্ৰ ঢুকিকে নোপোৱা।

নায়ক : তুমি যদি চন্দ্ৰমা মই সূৰ্য
অʼ চন্দ্ৰবদনী তুমি কোমল জোনাক
সূৰুযৰ জ্যোতি হৈ চুমিম তোমাক।

নায়িকা: খহনীযা নৈ, চেঙেলীয়া পানী
বৈ মোৰ উটায় পৰাণ

নায়ক: তোমাৰেই নৈতে কৰো শতবাৰ
সুমধুৰ মুক্তি স্নান।
মোৰ মন গহনলৈ তুমি আমন্ত্ৰিত

নায়িকা: সেই আৱেশতে মোৰ বুকু স্পন্দিত
মন মোৰ হ'ল আল্পনা
কোনেনো তুলিকা বোলায়,

নায়ক: তোমাৰ আল্পনা নিমজ স্নিগ্ধ
কামদেৱ পিছলি যায়।