Songs that start with,

কি পালি

কি পালি
কি পালি
একোতো নেপালি
উৰিলি তই যিমান
এটুকুৰা জোন
এটুকুৰা সোণ
সোণৰনো দাম কিমান?

কোটি কোটি
তৰাৰে জেউতি
মহা আকাশৰে বক্ষত
সিপাৰত ঘূৰে
তই নজনাকৈ
আপোন আপোন কক্ষত।।

কল্পনা তই
গাভৰু ছোৱালী
ভাৰত বৰিষৰে মান
চাওলা ফৈদে
বাট চাই আছে
ঘূৰাই আন বিদ্যুৎযান।।

অঙ্ক অঙ্ক  
কিমান যে আঙ্ক
গণনা কৰ কিমান?
এটা অঙ্ক, শুদ্ধ অঙ্ক
ৰাখিলি নাৰীৰে মান।।

চাওলা কল্পনা
আঁকিলি আল্পনা
অঙ্ক শাস্ত্ৰৰে জীয়ৰী
মহাকাশ বিশাল
হাতীপটী সহস্ত্ৰ
উৰিলি কিনো বিচাৰি।

পঞ্চ নদীৰে মন্ত্ৰ
বহুতো বিজ্ঞান তন্ত্ৰ
লৈ উভতিলি
সাঁতুৰি-নাদুৰি।
কি পালি
কি পালি?