Songs that start with,

কটন কলেজ

কটন কলেজ, কটন কলেজ
(কথাৰে)ওঠৰশ নিৰানব্বৈ চন ।
ব্ৰিটিছ শাসন!
মাণিক চন্দ্ৰ বৰুৱাৰ প্ৰতিবেদন
প্ৰাগজ্যোতিষপুৰতে কৰিব লাগিবই
এখনি কলেজ স্থাপন।।

ঊনৈশ শ এক আৰু দুহেজাৰ এক
এই উজ্জ্বল এশটা বছৰ
অসমীৰ কপালত
ভোটাতৰা জিলিকিছে
হেনৰী কটন কলেজৰ
আমাৰ কটন কলেজৰ ।
কটন কলেজ,কটন কলেজ।
আমাৰ কটন কলেজ।।

কটন কলেজ
চিকমিকনি নহয়, পুৱাতেই অস্ত যোৱা
কটন কলেজ হʼল জ্ঞানৰ উৎস উদ্দীপনা যোগোৱা।
উনৈশ শ একৰ সাতাইছ মেʼত
বিহগী কবি ৰঘুনাথ ৰচিত
উদ্বোধনী গীত হʼল নিনাদিত
নবীন বৰদলৈ কৰ্ম্মবীৰে
যন্ত্ৰ-সংগীতেৰে কৰে সজ্জিত।
ঊনৈশ শ সোতৰত পোৱা হʼল স্বীকৃতি
বিশ্ববিদ্যালয়ৰ সন্মান
(মাথোঁ) সোতৰ বছৰতে
পৃথিৱীয়ে শলাগিলে
গুণগত বৈশিষ্ট্যৰ মান।।
ভূৱন দাস আৰু হেনৰী কটন
চুইট চাহাব, ছুদমাৰ্চন
আৰু শিক্ষাবিদ আছে যত
সবে মিলি জুলি কটন কলেজতে
জ্ঞানৰ হেঁপাহ কৰে চিৰ জাগ্ৰত।
জ্ঞানত গভীৰ, বিজ্ঞানৰ গভীৰ
খেলত সুস্থিৰ, কলাত অধীৰ
হৈ আগবাঢ়োঁ আমি কটনিয়ান।
যোৱা শতিকাৰ ঐতিহ্যৰে
আগুৱাওঁ আহাঁ হৈ চিৰবলীয়ান
কটনিয়ান আমি কটনিয়ান।
পৃথিৱী আজি হʼল, গ্লʼবেল ভিলেজ
জিন্দাবাদ কটন কলেজ
কটন কলেজ, কটন কলেজ।