Songs that start with,

কাহিনী এটি লিখা

Play Now

কাহিনী এটি লিখাঁ সেৱাৰ বিষয়ে
কৈছিলোঁ বহু বহু বাৰ
বন্ধু লিখক, তুমি নুশুনিলাঁ
দেখুৱালাঁ মাথোঁ অহংকাৰ ।।

সঁচা নায়ক বিচাৰি বিচাৰি
তাহানি যে আহিছিলা লৱৰি
ময়ো দেখোন মানৱ ইতিহাসৰ
কথা ক’লোঁ, নিজকে পাহৰি ।।
তেতিয়াতো তুমি লিখি গʼলাঁ
মিছা কথা অন্ধ নায়কৰ
বন্ধু লিখক তোমাৰ লিখাখিনি
মিছা কথাৰ মিছা কল্পনাৰ !!
 
যি কাহিনী তুমি লিখিছিলাঁ
তাক ইতিহাসত সময়ে লিখিলে
মোৰেই মাজত সহস্ৰ মানৱৰ
যুঁজৰ জোৱাৰ তুমি নেদেখিলাঁ
!!
নিজৰি কাপ নিগৰি নিগৰি
(আজি) তোমাৰ ভাষাও পৰিলে ভাগৰি
ময়ো আজি ক্ষণ ক্ষতি কৰি
নেযাওঁ আৰু তোমাকে বিচাৰি।।

নেযাওঁ আৰু শত কাবৌ কৰি
কʼবলৈ আৰু এটি বাৰ ।
বন্ধু লিখক, তোমাৰ লিখাখিনি
মিছা কথাৰ মিছা কল্পনাৰ ।।
কাহিনী এটি লিখা সেৱাৰ বিষয়ে
কৈছিলোঁ বহু বহু বাৰ!!