Songs that start with,

কান্দিছনো কিয়

কান্দিছনো কিয় ? কান্দিছনো কিয় ?
কান্দিছনো কিয় ?
সংগ্ৰাম জীৱনৰ যদি এটি নাম
সংগ্ৰাম হওক তোৰ প্ৰিয়,
দুহাতেৰে চকু দুটি ঢাকি ধৰি তই
অকলেই কান্দিছনো কিয় ?
কান্দিছনো কিয় ? কান্দিছনো কিয় ?
কান্দিছনো কিয় ?

আঘাত যদি জীৱনৰ-পথত
নিতে তোৰ লগৰীয়া হয়
বেদনাই যদি নিষ্ঠুৰভাৱে
অকালতে আনে পৰাজয়।
তেনে সংগ্ৰাম কৰি কৰি সূৰ্যলৈ চাই
থিয় তই নহৱনো কিয় ?
কান্দিছনো কিয় ? কান্দিছনো কিয় ?
কান্দিছনো কিয় ?

চহৰ-নগৰৰ পথে ঘাটে
সমদল দেখিছনে নাই
তোৰেই দৰে চিঞৰি হেজাৰে
আগবাঢ়ে পৃথিৱী কঁপাই
যি তই নেপালি, কাঢ়ি কিয় নানিলি
 ইঙ্গিত নুবুজাতো হৱ !
কান্দিছনো কিয় ? কান্দিছনো কিয় ?
কান্দিছনো কিয় ?