Songs that start with,

কাঃ মঙাইহ্‌ চেঃ

কাঃ মঙাইহ্‌ চেঃ মিজোৰাম
তোমাক ভাল পাওঁ মিজোৰাম।।


খট্‌খট্‌ 'চেইৰো'ৰ ছন্দ লই
গীটাৰৰ সুৰে বয় কলʼদাই নৈ।
সুউচ্চ ফাংপুই নীলা পাহাৰে
মৌন ভাষাৰে কিবা হুংকাৰে।
শিখৰৰ ঝুমখেতি এৰি এৰি থৈ
সংগ্ৰামী মানুহে থমকি ৰৈ
হাঁহি হাঁহি আমাক দিলে বিদায়
হাত বাউল দি কয় 'চিবায় চিবায়'।
কি এই দৃশ্যঃ নয়নাভিৰাম
ই সংগ্ৰামী দেশ, যাৰ নাম মিজোৰাম।
কাঃ মঙাইহ্‌ চেঃ মিজোৰাম।।


সেউজীয়া মনৰ মাদকতা লৈ
এগৰাকী গাভৰুৱে লহ্‌পহকৈ
আমাক হাঁহি মাৰি আদৰিলে
তাইৰ হাতেবোৱা 'গোৱান' মেখেলাতে
ৰঙা নীলা আশাভৰা ফুল ফুলিলে
তাইৰ বক্ষৰ 'কৰচেই' চোলাতে
শুকুলা মেঘে কিবা ফুল বাছিলে
তাইৰ ফুলৰ অলঙ্কাৰ হালে-জালে
'পাংক্‌পাৰ' নাচোনৰ তালে তালে।
কি এই দৃশ্য নয়নাভিৰাম
ই গাভৰুৰ দেশ, যাৰ নাম মিজোৰাম।
কাঃ মঙাইহ্‌ চেঃ মিজোৰাম।।


বিলখাওটলিং বা লুংদাই
বৈৰাংটে বা লুংলে
থিংচুলথলিয়াই বা শ্বেৰচিব্‌
হুনাথিয়াল কিম্বা কলাচিব্‌
সকলোতে যেন জনতা সজাগ
ধ্বংসৰ ঠাইত যেন সৃষ্টিহে আগ।
কৰ্তব্যৰ যেন নাই বিৰাম
ই প্ৰতিজ্ঞাৰ দেশ, যাৰ নাম মিজোৰাম।
কাঃ মঙাইহ্‌ চেঃ মিজোৰাম।।

কাহানিয়েই পাহৰা প্ৰবাদ মতে
তাহানিৰ আদিম এন্ধাৰ ফালি
'ছিনলুং' গাঁতেৰে ওলাই আহি
তুমিয়ে দিছিলাঁ পোহৰ ঢালি।
'পাথিয়ান' ঈশ্বৰৰ জ্যোতি সন্তান
আহা সমভাগী হৈ গঢ়োঁ জ্যোতিভৰা স্থান।


মিজো আৰু হমাৰ পৈ লাখেৰে
নানা ৰহণৰ এইয়া জাতি অগণন
কুকি আৰু চাক্‌মাৰো মিঠা বচন
পূৰ্বভাৰতীৰে শিৰৰ ভূষণ।
'লুখুম' টুপীৰে চকুপানী ঢাকি
বিদায়পৰত কওঁ কথা এফাকি---
ধন্যবাদ বা 'কলাওমে'
সংঘাত নহয় মৰমে মৰমে।
আজিৰ এই দিন যেন ইতিহাস হয়
এনাজৰী যেন সদা দৃঢ়তৰ হয়।

ই মৰমৰ দেশ যাৰ নাম মিজোৰাম
কাঃ মঙাইহ্‌ চেঃ মিজোৰাম।।