জ্ঞানীজনে কয় সিংহৰ এটাই ভাল

কথাঃ জ্ঞানী জনে কয়-
কি কয়?
গীত :- জ্ঞানীজনে কয়
শৃগালৰ জাক জাক
সিংহৰ এটাই ভাল,
হেন জানি ভাবি গুণি
হে নৱ দম্পতী
সীমিত কৰাঁ পৰিয়াল।
পৰিয়াল-পৰিকল্পনা মাথোঁ
গৰ্ভ নিৰোধ আঁচনি নহয়;
ই মাতৃ আৰু শিশুৰ সমানে
স্ব নিৰাপত্তাহে হয়।


কথাঃ জ্ঞানী জনে কয়-
কি কয়?

গীত : জ্ঞানীজনে কয়;
জ্ঞানীজনে কয় শৃগালৰ জাক জাক
সিংহৰ এটাই ভাল,
হেন জানি ভাবি গুনি, হে নৱ দম্পতী
সীমিত কৰাঁ পৰিয়াল।
ধাৰনৈ আনিলে প্ৰতি শিশুৱে
মানৱৰ প্ৰাপ্যৰ লʼব অধিকাৰ;
সেই কিঞ্চিৎ প্ৰাপ্য দিব যদি নোৱাৰাঁ
কিয় কৰাঁ মিছা অঙ্গীকাৰ।
কথা :- কিম্বা কালি দিবা - তাৰ কথা ভাবিবা এবাৰ।
গীত:-
যিটো শিশুৰ আজি জন্ম দিলাঁ
সন্মান কৰাঁ তাৰ সত্তা।
তাকে দিয়া শাৰীৰিক, মানসিক আৰু গিয়ানৰ
স্ব নিৰাপত্তা।
অবাঞ্ছিত শিশুৰ যিটো জন্ম দিলাঁ
সম্ভোগৰ আছে আধিকাৰ

কথাঃ হয়তো অধিকাৰ আছে!
গীত :- পিছে মিঠা শিশুৰ পৰিয়াল, আঁচনি কৰিলে
তোমাৰ জানো হʼব কিবা কাল।
হিন্দু খৃষ্টান শিখ বৌদ্ধৰ
শাস্ত্ৰই দোহাৰে সত্য হেজাৰ
পৰিকল্পিত সন্তানৰ প্ৰতি
প্ৰতি দম্পতীৰ আছে অধিকাৰ।
আব্বু চৈয়দ আয়ুবৰ নামতে
হজৰত মহম্মদে জীৱনকালতে
জন্ম নিয়ন্ত্ৰণৰ কৰাৰ সপক্ষে
উপদেশ দিলে মুছলিম সমাজক।।
পৰিয়াল-পৰিকল্পনা--
যাক দিলাঁ জন্ম

কথাঃ কিম্বা কালি দিবা; তাৰ কথা ভাবিবা এবাৰ।
গীত :- এই বিশ্বৰ সভাত সুযোগ্য কৰাৰ
যদি কৰাঁ তুমি অঙ্গীকাৰ।

কথা :- সেয়ে জ্ঞানীজনে কয় কি কয়?
গীত :- জ্ঞানীজনে কয় শৃগালৰ জাক জাক
সিংহৰ এটাই ভাল,
হেন জানি ভাবি গুনি,
 হে নৱ দম্পতী
সীমিত কৰাঁ পৰিয়াল।।