জাগ্ৰত মানুহৰ ছাঁ দেখি

জাগ্ৰত মানুহৰ ছাঁ দেখি কিয়
দিনে-ৰাতিয়ে উচপ খোৱাঁ ?
আলসুৱা আকাশত কুঁৱলীৰ মুখা-পিন্ধা
ৰামধনু কেলেই খেদি যোৱাঁ ?

ধূলিৰ ধৰাত জীৱন সৰগ ওপজে
নতুন ৰহণ পোৱা
আলিটিৰ আশে-পাশে মানুহ দেখিবা
পদাঘাত নেওচি যোৱাঁ ।

নতুন মৌচুমীৰ বৰষুণ পৰিছে
শুকান ধৰণীত চোৱাঁ।
যুগৰ কঠীয়া ধৰাত নাচিছে
তাকেহে সাবটি লোৱাঁ।