হেʼ মোৰ অসমৰ শ্ৰোতা

হেʼ মোৰ অসমৰ শ্ৰোতা জনতা
কিমতেনো বুজাম আমি,
(আজি) বিহাৰ ৰাজ্যৰ কোটি কোটি লোকে
দেখিছে এক শ্মশানভূমি।

কোনোবা নিষ্ঠুৰ দৈত্যই যেন
প্ৰখৰ ৰʼদৰ উত্তাপ সানি
চোট-নাগপুৰৰ মালভূমিৰ
ভস্ম কৰিলে শত ধাননি।

ওঠৰশ ছয়সত্তৰৰ মন্বন্তৰ
আতঙ্ক যেন পুনৰ আহিলে
হাজাৰিবাগৰ হেজাৰ বাগত
(কিহে) সেউজ কঠীয়া দহিলে।

যেনিয়ে চকু যায় হিয়া দহি যায়
পালামৌৰ আকাশত মেঘ নাই
হেজাৰ মুমূৰ্ষু শিশুৰ বাবে
অসহায়া মাতৃয়ে অশ্ৰু পেলায়।

ৰহিমে কান্দেঃ আল্লা মেঘ দিয়াঁ
ৰসিয়াই কান্দেঃ প্ৰভু পানী দিয়াঁ
শুকান ধৰিত্ৰীয়ে বুকু ফালি কয়
মোৰ বক্ষতে চিৰশান্তি লোৱাঁ।

নালন্দা নিমাত, নিমাত আকাশ,
পাটলিপুত্ৰৰ ঐতিহ্য উদাস
মুঙ্গেৰতো মঙ্গলধ্বনি নাই
চাপ্ৰা আৰাৰ লোক হতাশ।

তাহানিৰ বুদ্ধই বিহাৰ কৰা
শস্যাশ্যামলা বিহাৰভূমি
হʼল ক্ষুধা তৃষ্ণাত মৃত্যুমুখী
এক নিৰস নিজান মৰুভূমি।

হয়তো আজি ৰাঁচীৰ সাধু শুনি
সত্য বুলি কেৱে নলয় মানি
দুটি ভাতৰ অভাৱত গৃহস্থই ৰান্ধে
পোহনীয়া কুকুৰৰ মাংস আনি।

অনুকম্পা নহয়, পুতৌ নহয়
ই নহয় ৰঙীন প্ৰদৰ্শনী
ই কৰ্ত্তব্যজ্ঞান প্ৰণোদিত
উচ্চাৰিত মানৱধ্বনি।

বিদ্যাপতিৰ মিথিলা নগৰীৰ
মৈথিলী সুৰ যেন স্তব্ধ হয়,
আজি ভোজপুৰী পথাৰত গাঁৱৰ গৰখীয়াই
বিৰহা চৈতিৰ গীত নেগায়।