ঘৰতো নবহে মন

ঘৰতো নবহে মন সমনীয়া
পথাৰতো নবহে মন;
কমোৱা তুলাবোৰ যেনেকৈ উৰিছে
তেনেকৈ উৰিবৰ মন।

মনৰে বননিত সমনীয়া
চেনেহৰ নিজৰাত
পানীকেহে এটুপি পিওঁ,
পোৰাকৈ ভটিতে

তুমি যে ঘৰে বান্ধা
আমি তমাল তুলায়ে দিওঁ।।

লুইতৰ চাপৰিত চাকৈয়ে কান্দিলে
মানুহৰ নাওখন চাই;
মানুহৰ দোষতে মানুহ বুৰিব
আনকচোন দুষিবৰ নাই।।

ভাষা নুবুজিও যুগে যুগে আহে
মানুহে মানুহৰ পিনে
মৰমৰ ভাষাৰে আখৰ নাইকিয়া
এ' বুজিব খুজিলেই চিনে।

গঙ্গাৰ চাপৰিৰ তলিতে দেখিবা
লুইতৰ পলসো আছে
তোমাৰে মোৰে আয়ে কান্দিলে
একেই চকুপানী মচে।

তুমিয়ে মইয়ে দেশখন গঢ়োঁতে
যদিহে কেঁচাঘাম সৰে
দুয়োৰে ঘামৰে মিলনে দেখিবা
বুৰঞ্জী ৰচনা কৰে।

এনেনো দুখ লাগে, বান্ধৈ
এনেনো দুখ লাগে
এনেনো ভাল লাগে, বান্ধৈ
এনেনো ভাল লাগে।।