গাঁৱৰে জীয়াৰী সপোন সুন্দৰী

ৰচনা কাল : ১৯৫৫

গাঁৱৰে জীয়াৰী সপোন সুন্দৰী
গাঁৱতে সৰগ ৰচোঁ মই
মাটিতে সৰগ ৰচোঁ মই
দেৱতাই ৰ লাগি চায়।

ধুনীয়া মন মোৰ কুমলীয়া
বাহু দুটি মোৰ লহপহীয়া
কাকনো সাবটিব খুজি
অলিয়া-বলিয়া হয়।

 

অ'...........
দেহাৰ বৰণ মোৰ চম্পাফুলীয়া
চুলিৰ বৰণ মোৰ এন্ধাৰকʼলীয়া
খোজত মলয়া বয়।
গাঁৱৰে ধাননিৰে ময়েই দাৱনী
মুগাৰে ৰিহাখনিৰ ময়েই বোৱনী
মোক দেশেই সাবটি লয়

মুকলিমূৰীয়া চেনেহ-নিজৰাই
লুইতকে ধিয়াই বাগৰি বাগৰি যায়
আশাৰো যে শেষ আজি নাই।
জিৰ্‌ জিৰ্‌ জিৰ্‌ জিৰ্‌ নাচোন নাচে
ৰমকে-জমকে সাজোন কাচে
মোক সাগৰেও সাবটি লয়।।