ধুনীয়া ৰঙৰ

ৰচনা কাল : ১৯৫৭

ডেকা :- ধুনীয়া ৰঙৰ নতুন পাহিৰ
তুমি মোৰ পদুলিৰ কেতেকী ফুল
তাকেই দেখি মই ভোল যাও।

গাভৰু :- কেতেকী নহওঁ মই সুৰুযমুখী
পুৱাৰ সুৰুয তুমি কত ৰহণৰ
তাৰেই আশাত মই নিশা কটাওঁ।
ডেকা :- তোমাৰ চকুৰ বন্তি দেখি
মোৰ মনৰ চগা উৰে।
গাভৰু :- তোমাৰ চগাকে সাবটিবলৈ
মই শলিতা জ্বলাওঁ।
ডেকা :-  মনৰ সাগৰখনি তোমাৰ জোৱাৰেৰে
থৌকি-বাথৌ উথলে।
গাভৰু :- মনৰ আকাশৰে ৰামধেনুখনি
তোমাৰ জেউতিৰে উজলে।।
ডেকা :-মনৰ সাগৰখনে সোধে ৰামধেনুখনিক
কেতিয়ানো আঁকোৱালি লওঁ?
দুয়ো :- আমি দুয়ো একেলগে জীৱনৰ ফুলনিত
মৰমৰ শেৱালি ফুলাওঁ।।