দুয়ো মুখা মুখি অতি সুখে সুখী

Play Now

ৰচনা কাল : ১৯৯২

(আগকথা-বাহিৰ বিশ্ব যেতিয়া নিমাত, তেতিয়া দুজনে মুখামুখি হৈ কেইটামান মৰমী মুহূৰ্তক, প্ৰেমক পৱিত্ৰ জ্যোতিপ্ৰপাতলৈ পৰিণত কৰে। বোধহয় এনেকৈ -)

গাভৰু : দুয়ো মুখামুখি অতি সুখে সুখী
বাহিৰ বিশ্ব নিমাত।
দুয়ো : এই মুহূৰ্ত অতি পৱিত্ৰ।
প্ৰেমৰ জ্যোতিপ্ৰপাত।

গাভৰু : তুমি আহাঁ ওচৰলেʼ আহাঁ
মৰণ পিচলেʼ ঠেলি
প্ৰকৃতি পুৰুষ একাকাৰ হৈ
দুয়ো : আনা নতুনৰ বেলি
আমাক নালাগে সংঘাত ।

গাভৰু : এই মুহূৰ্ত অতি পৱিত্ৰ
 প্ৰেমৰ জ্যোতিপ্ৰপাত।
 
ডেকা : তোমাৰ এন্ধাৰ কেশৰ দৈৰ্ঘই
দিগন্ত ধৰিছে ঢাকি
তাৰ ফাঁকে ফাঁকে মোৰ নয়নে
অমৃত দিছে বাকি।

গাভৰু : তুমি অহাঁ ওচৰলেʼ আহাঁ
ভাঙি প্ৰাচীৰ বাধাৰ
কৰি মন্থন অমৃত সাগৰ
অনন্ত সুৰ আধাৰ ।
আমাক নেলাগে সংঘাত।

দুয়ো : এই মুহূৰ্ত অতি পৱিত্ৰ
প্ৰেমৰ জ্যোতিপ্ৰপাত

গাভৰু : দুয়ো মুখামুখি অতি সুখে সুখী
বাহিৰ বিশ্ব নিমাত

দুয়ো : এই মুহূৰ্ত অতি পৱিত্ৰ
প্ৰেমৰ জ্যোতিপ্ৰপাত।।