দিখৌৰ বুকুতে সেউজী মাজুলী

দিখৌৰ বুকুতে সেউজীয়া মাজুলী
ৰʼদত মিচিকিয়াই হাঁহে -  অʼ চেনাই অʼ
তাৰেযে পঁজাকণ ধুনীয়া অকণমান
ৰহদৈ ওমলে তাতে - অʼ চেনাই অʼ

মাজুলীৰ কঁহুৱাই বেলিৰ ফাকু সানি
কঁকাল ভাঙি ভাঙি নাচে
হিয়াৰে ৰহদৈ উমলি-জামলি
হিয়াৰ কাচন কাচে - অʼ চেনাই অʼ

কোমল হাত-বাউলি দি
মোকেনো ৰিঙিয়াই হিয়াৰ কেঁচা সোণ বোলে
কেনেকৈ পাৰ হওঁ নাও নাইকিয়া
বেলিও পৰোঁ পৰোঁ কৰে -  অʼ চেনাই অʼ।।