ছাগৰ ছাল ছেলাবৰ

Play Now

ৰচনা কাল : ১৯৫৩

ছাগৰ ছাল ছেলাবৰ ডবুৱা কটাৰী
পহুৰ ছাল ছেলাবৰ মিট্‌
দেশৰ বুঢ়া-মেথা দায়ে নধৰিবা
গাই যাওঁ আজিৰে গীত।

লুইতত ভোটোঙাই ওলাল শিহু
আজি বোলে ৰঙালী বিহু বিহু?
  ধেমালি চাই যা, ধেমালি চা।
যেন লেতেকুৰে থোক,

দলদোপ দলদোপ হেন্দোলদোপ,
সমাজৰ পথাৰত কোন খেলুৱৈয়ে

কাক সাজিছে ঢোপ,

গাঁৱৰে এইগাললোক

হ'ল মিছলীয়াৰ ঢোপ
ধেমালি চাই যা, ধেমালি চা।

অতিকৈ চেনেহৰ মুগাৰে মহুৰা;

অতিকৈ চেনেহৰ মাকো
সমাজৰ গামোচাত ন ফুল বাছি দিওঁ ঐ

লুইতত সাজি দিওঁ সাকোঁ।
এহি মানৰ কথাখিনি এহিমানে থওঁ
হালোৱা-হজুৱাৰ কথাখিনি কওঁ।

ইফালেদি লথিয়ায় তোক নাজিতৰা,
সিফালেদি লথিয়ায় তোক।
ৰঙালী বিহুটিক কঙালী কৰিলে

পেটৰহে নুগুচে ভোক
নাজিতৰা পেটৰ নুগুচে ভোক।
দুদিন বিহু কৰি এবছৰ কান্দিবি,

গিলিবি দুখৰে ঢোক।
গাঁৱৰে এইগাল লোক,

হʼল মহাজনৰ ঢোপ।

ধেমালি চাই যা, ধেমালি চা।
দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী
কেতেকী ফুলিবৰ হʼল ঐ গোবিন্দই ৰাম
মৌজাদাৰ দেউতাৰ পদূলি সাৰোঁতে
কঁকাল মোৰ ভাগি যে গʼল ঐ গোবিন্দই ৰাম।

কথাঃ পিছে, কাচিখনত আজি বৰ চোক!
গাঁৱৰ দাৱনীয়ে বাছি বাছি ৰাখিছিল
বৰা ধানৰ দুটামান থোক,

তাতে পৰে পিয়দা পোক।

শুদা শুদা মাকোটি খট্‌ খট্‌ চলে
বোৱনীয়ে হেঁপাহেৰে চানেকী লʼলে
কʼলা কʼলা বজাৰত, সূতাৰ দাম দেখি
দুখুনীয়ে পাইছে শোক,

ৰাইজৰ এইগাল লোক;

হʼল কাৰোবাৰ ঢোপ;
ধেমালি চাই যা, ধেমালি চা।

যেন লেতেকুৰে থোক

দলদোপ দলদোপ হেন্দোলদোপ,
ধেমালি চাই যা, ধেমালি চা।

দুজনে এজনে কলঘৰ সাজিছে
থানে-থানে কাপোৰ ওলায়
এ' উৰণীয়া জাহাজত চিলিক আহিছে
আমাৰ বিহু কাপোৰ নাই।

বিহু কাপোৰ নাই বুলি বনগীত নেগাবি

সঁচা সঁচা কথাবোৰ কৈ
এ' ধুতী-পিন্ধা চাহাবে এনুৱা গীত গালে
পিঙতহে তুলিবগৈ।

সঁচা কথা কোৱা বৰ বেয়া ৰোগ
দঢ়াই নকৈছিলোঁ তোক?

এʼ ধেমালি চাই যা; ধেমালি চা।

এ' কোনোবা সমুদ্ৰত বোমা ফুটুৱালে
কʼৰবাত পৰিলে ছাই,
এ' এগণ্ডা বোমাৰে পৃথিৱী পুৰিব এ' কʼৰবাৰ ৰণ বলিয়াই,
উদ্‌যান বোমাৰে  গুণগান ঐ বখানি, নক'বি এনেকৈ মোক
বোলোঁ ৰণ হʼলে খাম কি? ৰণ হʼলে গাম কি?
মৰিব দেশৰহে লোক।

 

যেন লেতেকুৰে থোক

দলদোপ দলদোপ হেন্দোলদোপ,
ধেমালি চাই যা, ধেমালি চা।

শান্তিৰে নিজৰা নিজৰি ন'বলে

আমি হʼম বৰশীৰ টোপ,
অতিকৈনো চেনেহৰ বʼহাগৰ বিহুটিও
ঢোলটি যে পাবগৈ লোপ।

কাঢ়ি নিয়া মাটিখিনি, হাতৰ খাডুমণি
ৰাইজে পালেহে গুচিব পিয়াহ-ভোক।
বিহুতলী তেতিয়া ৰজনজনাব

--নাচিব দেশৰেহে লোক।
বোলোঁ দেখিবি ন-ন ৰূপ।

বোঁৱতী সুঁতিটিক অ' আইতা

ভেটিব নোৱাৰি অ' আইতা

ভেটা ভাঙে ঘনে ঘনে ,
বিদ্ৰোহী ৰাইজক
অ' আইতা

কঢ়িয়াই লৈ যোৱা অ' আইতা সময়ক ভেটিব কোনে?