ভালকে পুনৰ চোঁৱা এবাৰ

Play Now

[কেতিয়াবা প্রেয়সীয়ে প্রিয়জনক সোঁৱৰাই দিবলগীয়া হয় এই বুলি- মোৰ দুচকুত চকু ৰাখি কোঁৱাচোন , মনৰ বীনা বাজিছেনে ? মনত পৰিছেনে ?]

ভালকে’ পুনৰ চোৱা এবাৰ
কোৱাঁচোন চিনিব পাৰিছাঁনে ?
মোৰ দুচকু চকু ৰাখি কোৱাঁ
 মনৰ বীণা বাজিছেনে ?
              সোণালী আবেলি গছৰ ছাঁত
                মুখামুখি বহি নীল গধূলিত
                   কতনা গীত শুনাইছিলাঁ
               কোৱাঁচোন মনত পৰিছেনে ?
অ’ পটভূমিকাত সুনীলাচল
নাগৰিকজনে হাঁহে জল্ মল্
প্রেমৰ গীত কোনেনো শুনাব
মই আজি দেখোঁ শুনাব
মই আজি দেখোঁ তুমিহীনা৷৷