ভাবিছিলা এবুকু ভৰাই

Play Now

ৰচনা কাল : ১৯৭৮

ভাবিছিলা এবুকু ভৰাই
ভাবিছিলা এবুকু ভৰাই ঘৰৰ মায়া পাবা
সেই মায়াৰে কোমল কোলাত ক্ষণিক জিৰাবা ।

 ঘৰ আছে মায়া নাই
সঙ্গীহীনৰ সঙ্গী নাই
ফুলৰ যেন সুগন্ধি নাই
প্ৰদীপ আছে জেউতি নাই
কাৰনো মৰম আকোঁৱালি ল’বা ?
সহাঁৰি নেপাবা ।

 শ্ৰান্ত বতৰ ক্লান্ত বায়ু
সুৰও বন্দী হ’ল
আশাৰ তৰী
নিৰাশাৰ বালিত লাগি ৰ’ল ।

সকলো আছে কিবা নাই
জীৱন আছে ৰস নাই
প্ৰভাত আছে সূৰ্য্য নাই
শূন্যতে একো যে নাই
কি বিচাৰি কলৈ গুছি যাবা
সহাঁৰি নেপাবা ।

ভাবিছিলা এবুকু ভৰাই ঘৰৰ মায়া পাবা
সেই মায়াৰে কোমল কোলাত ক্ষণিক জিৰাবা !!