বিৰাজে কি সাজে

ৰচনা কাল : ১৯৬১

বিৰাজে কি সাজে
প্ৰকৃতিৰে জীয়ৰী
মিলন দেখি হাঁসে সখি
নিজকে পাহৰি।

শোক তাপ নিৰানন্দৰ আজি পৰিল অন্ত।
ৰঙে-ৰঙে ভৰিল আজি মনৰে দিগন্ত।।

শকুন্তলা দুষ্মন্তৰে মনৰ আজি হৰ্ষ
পুত্ৰ ভৰতৰ নামে হʼল ভাৰতবৰ্ষ
সম্প্ৰতিমইদম অভিজ্ঞানম
শকুন্তলম
নাম নাটকম।।